NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ টী-২০ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলিয়ে; কিন্তু হঠাতে কিয় ল’লে এই সিদ্ধান্ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2021 9:12 am
Birat Kohli captain

সীমিত অ’ভাৰৰ ক্ৰিকেটত বিৰাট কোহলিৰ অধিনায়কত্বক লৈ চৰ্চা চলি থকাৰ মাজতে হঠাতে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে আগন্তুক টী-২০ বিশ্বকাপৰ পাছতে টী-২০ অধিনায়কত্ব এৰি দিয়াৰ কথা জনালে।

বিগত কিছুদিন ধৰি বিৰাট কোহলিৰ ওপৰত চাপ বৃদ্ধি পাইছিল। কিন্তু কোহলিয়ে টী-২০ৰ অধিনায়কত্ব এৰাৰ আঁৰত থকা সম্ভাৱ্য কাৰণসমূহ কি হ’ব পাৰে?

বিৰাট কোহলিয়ে টী-২০ৰ নেতৃত্ব এৰাৰ পাছতে বেটছমেন হিচাপে খেলপথাৰত নামিব। শেহতীয়া কোহলিৰ ৰেকৰ্ডৰ পৰা দেখা যায় যে বেটিঙত মনযোগ দিয়াৰ তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

প্ৰায় দুবছৰ ধৰি কোহলিয়ে শতক অৰ্জন কৰিব পৰা নাই। তেওঁৰ পূৰ্বৰ ধাৰাবাহিকতাও অটুট হে থকা নাই। সেয়ে নেতৃত্বৰ বোজা পাতলাই চাপমুক্ত হৈ খেলিব বিচাৰে বিৰাটে।

কেহলিৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দি সাফল্য লাভ কৰিছে ৰোহিত শৰ্মাই। তদুপৰি, আইপিএলত অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ ধাৰাবাহিক সফলতাই কোহলিৰ ওপৰত ক্ৰমে চাপ বৃদ্ধি কৰিছিল। স্বাভাৱকিতে আইপিএলত নেতৃত্বৰ দিশত বিৰাট কোহলি প্ৰায় ব্যৰ্থ।

যদিওবা কেৰিয়াৰত বহু সময় বাকী আছে, তথাপি কামৰ চাপৰ দিশেও নজৰ দিয়াটো ক্ৰিকেটাৰৰ বাবে প্ৰয়োজন। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে নিজৰ কেৰিয়াৰ আগবঢ়াই নিবলৈ হ’লে কোহলিয়ে চাপ কমোৱাটো জৰুৰী হৈ পৰিছে। অধিনায়কত্ব এৰাৰ নিজৰ বিবৃতিত কোহলিয়ে ৱৰ্কলোড মেনেজমেন্টৰ কথা জানিবলৈ দিছে।

আনহাতে, কোহলিৰ টীম পৰিচালনা তথা দলৰ মাজত সমন্বয় ৰক্ষাৰ কৰাৰ বিষয়টোকলৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছিল। প্ৰশিক্ষক কুম্বলেৰ সৈতে সৃষ্টি হোৱা বিবাদৰ পৰাই সমালোচকৰ প্ৰশ্নৰ সন্মুখীন হৈ আহিছে কোহলি। সেইদৰে ইংলেণ্ডত অশ্বিনক বহুৱাই ৰখাকলৈয়ো সমালোচিত হৈছিল অধিনায়ক কোহলি। সকলো মিলি কোহলিৰ ওপৰত ‘বিৰাট’ চাপৰ সৃষ্টি হৈছিল।

ইপিনে, টী-২০ক্ৰিকেটত কোহলিৰ প্ৰায়েই কৌশলগত ত্ৰুটীৰ কথা শুনা গৈছিল। সেই পিনৰ পৰা আইপিএলত নিজৰ দক্ষতাৰ পৰিচয় দিছে। আগন্তুক টী-২০ বিশ্বকাপৰ পাছত মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ম্যাদ উকলিব। লগতে টীম ইণ্ডিয়া ব্যৰ্থ হ’লে সীমিত অভাৰৰ অধিনায়কত্বৰ পৰা কোহলিক অঁতৰোৱাৰ সম্ভাৱনাও দেখা দিছিল।

এনেবোৰ কাৰণতে কোনো বিতৰ্কত সোমোৱাৰ পূৰ্বেই নিজেই আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে বিৰাট কোহলিয়ে। সময়ৰ সৈতে খোজ মিলাই কিদৰে নিজৰ কেৰিয়াৰ দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিব লাগে তাৰ নিদৰ্শন অৱশ্যে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইতিমধ্যে দাঙি ধৰিছিল।