NORTHEAST NOW (Assamese)
Popular Stories

বিৰাট কোহলীহে অনন্যা পাণ্ডেৰ চেলিব্ৰীটি ক্ৰাছ! আশাহত ৰিয়ান পৰাগৰ অনুৰাগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2024 4:23 pm

ক্ৰিকেটাৰ আৰু বলীউডৰ মাজত পুৰণি সম্পৰ্ক। বলীউডৰ অভিনেত্ৰীসকলে প্ৰায়ে ক্ৰিকেটাৰক বিয়া কৰায়, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা এনে সম্পৰ্কৰ অন্যতম ডাঙৰ উদাহৰণ। এনে পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে ভাৰতীয় অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগ আৰু বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেক লৈ বহু উৰাবাতৰি বিয়পি পৰিছিল। এতিয়া অনন্যা পাণ্ডেই বিৰাট কোহলীক নিজৰ ‘চেলিব্ৰীটি ক্ৰাছ’ বুলি অভিহিত কৰে, তাৰ পাছতেই অনুৰাগীসকল ৰিয়ান পৰাগক লৈ দুখী হৈ পৰে।

এটা সাক্ষাৎকাৰৰ সময়ত অনন্যা পাণ্ডেক সোধা হৈছিল যে আপোনাৰ বৰ্তমানৰ ‘চেলিব্ৰীটি ক্ৰাছ’ কোন? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কোনো সময় নষ্ট নকৰাকৈয়ে তেওঁ বিৰাট কোহলীৰ নাম ল’লে। অনন্যাৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৰ কমেণ্টত অনুৰাগীসকলে ৰিয়ান পৰাগক লৈ দুখ প্ৰকাশ কৰা দেখা গৈছে।

কিছুদিনৰ আগতে ৰিয়ান পৰাগৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ নিজৰ ইউটিউব চেনেলত কিছু লাইভ ষ্ট্ৰীমিং কৰি আছিল। ইফালে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে যেতিয়া চাৰ্চ কৰিবলৈ ইউটিউবৰ চাৰ্চ বক্স খুলিলে, তেতিয়া তেওঁৰ চাৰ্চ হিষ্ট্ৰীত ‘হট অনন্যা পাণ্ডে’ আৰু ‘হট ছাৰা আলী খান’ৰ আবিৰ্ভাৱ ঘটিল। ইয়াৰ ঠিক পিছতেই এই আলোচনা তীব্ৰতৰ হৈ পৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ শুভমন গিল আৰু অনন্যা পাণ্ডেই একেলগে এটা বিজ্ঞাপন শ্বুট কৰিছিল। তেওঁলোকৰ দুয়োটা এড শ্বুটৰ ছবি ভাইৰেল হৈ পৰিল। শুভমন গিলৰ সৈতে অনন্যা পাণ্ডেৰ ছবিখনৰ পিছত অনুৰাগীসকলে ৰিয়ান পৰাগৰ বাবে ধেমেলীয়া ধৰণে দুখ অনুভৱ কৰা দেখা গ’ল।