NORTHEAST NOW (Assamese)

আন এক বিশ্ব অভিলেখ গঢ়াৰ পৰা মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী

February 2, 2021 12:14 pm · এন ই নাও নিউজ
Updated: February 2, 2021 12:16 pm

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাটোত এক অনন্য বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিব।

চেন্নাইত অহা পাঁচ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত বিৰাট কোহলীয়ে যেতিয়া বেট ধৰিবলৈ আহিব তেতিয়া তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নামত থকা এটা অভিলেখ ভংগ কৰাৰ সুযোগ পাব।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাৰ এডিলেইডত অনুষ্ঠিত প্ৰথমখম টেষ্টৰ পিছত তেওঁ পিতৃত্বকালীন ছুটীত আছিল আৰু তেওঁ এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাটোত প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈ উঠিছে।

অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ প্ৰথমখন মেচত যদিহে বিৰাট কোহলীয়ে শতক অৰ্জন কৰিব পাৰে তেন্তে তেওঁ ৰিকি পণ্টিঙক অতিক্ৰম কৰি অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িব।

বৰ্তমান সমসংখ্যক অৰ্থা ৪১ টা শতকেৰে কোহলী আৰু পণ্টিং এই তালিকাৰ শীৰ্ষত অধিষ্ঠিত হৈ আছে।

অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰ

খেলুৱৈ মেচ ৰান শতক
বিৰাট কোহলী(ভাৰত)  ১৮৮        ১১৮১১       ৪১
ৰিকি পণ্টিং(অষ্ট্ৰেলিয়া)     ৩২৪ ১৫৪৪০ ৪১
গ্ৰেম শ্মিথ(দক্ষিণ আফ্ৰিকা) ২৮৬ ১৪৮৭৮ ৩৩
ষ্টিভ স্মিথ(অষ্ট্ৰেলিয়া) ৯৩ ৫৮৮৫ ২০
মাইকেল ক্লাৰ্ক(অষ্ট্ৰেলিয়া) ১৩৯ ৭০৬০ ১৯

    

 

Related News