NORTHEAST NOW (Assamese)
Popular Stories

বুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2024 7:49 am

বিৰাট কোহলীয়ে যশপ্ৰীত বুমৰাহক ‘ৰাষ্ট্ৰীয় সম্পদ’ বা বিশ্বৰ ‘অষ্টম আশ্চৰ্য্য’ বুলি ঘোষণা কৰিবলৈ সন্মত হৈছে। আৰু তাৰ বাবে যদি তেওঁ কোনো আবেদনত চহী কৰিবলগীয়া হয়, তেন্তে তেওঁ এতিয়াই সেইটো কৰিবলৈ সাজু বুলিও কয় ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে।

বৃহস্পতিবাৰে টিম ইণ্ডিয়াৰ বিজয় পেৰেডৰ পিছত ৱানখেড়ে ষ্টেডিয়ামত বক্তব্য ৰখাৰ সময়ত বিৰাটে বুমৰাহক প্ৰশংসা কৰে। বিৰাটে ক’বলৈ কুণ্ঠাবোধ নকৰিলে যে ষ্টাৰ পেচাৰগৰাকীৰ হাতেৰে ভাৰতে ফাইনেলত পুনৰ উভতি আহিছিল।

তেওঁ কয়, বিশ্বকাপৰ ফাইনেলত এটা সময়ত সপোনটো আকৌ এবাৰ ভংগ হ’ব বুলি আশংকা হৈছিল। কিন্তু বুমৰাহে ভাৰতক পুনৰ মেচলৈ আনিলে। কেৱল ফাইনেলতে নহয়, সমগ্ৰ বিশ্বকাপতে সেই কাম কৰাৰ বাবে বুমৰাহক প্ৰশংসাৰে উপচাই দিয়ে বিৰাটে।  

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়াই; ৰোহিত বাহিনীক কি ক’লে মোদীয়ে?

ৱানখেড়েত থিয় হৈ বিৰাটে কয়, ‘মই নিশ্চিত যে এই মুহূৰ্তত ষ্টেডিয়ামত থকা সকলোৱে এটা সময়ত নিশ্চয় ভাবিছিল যে মেচখন আকৌ হাতৰ পৰা ওলাই যাব, বিশ্বকাপ হাতৰ পৰা ওলাই যাব? আৰু তাৰ পিছত যোৱা পাঁচ অভাৰত যিটো হৈছিল, সেইটো সঁচাকৈয়ে এটা বিশেষ মুহূৰ্ত আছিল।’

তাৰ পাছত ৱানখেড়েৰ দৰ্শকে ‘চিকু, চিকু’ ধ্বনি দিবলৈ আৰম্ভ কৰে। বিৰাটে মহেন্দ্ৰ সিং ধোনীয়ে মাতি অহা নামটো শুনি হাঁহিবলৈ ধৰে। তাৰ পাছত তেওঁ ক’লে, ‘মই আচলতে যি বিচাৰো সেয়া হ’ল সকলোৱে বাৰে বাৰে এজনৰ বাবে হাত চাপৰি বজাওক। সেইজনে আমাক এই প্ৰতিযোগিতাখনত বাৰে বাৰে মেচলৈ ঘূৰাই আনিলে। বাৰে বাৰে, বাৰে বাৰে। শেষত তেওঁ কি কৰিলে সেয়া ভাষাৰে বুজাব নোৱাৰি। কল্পনাতীত। অনুগ্ৰহ কৰি সকলোৱে যশস্প্ৰীত বুমৰাহৰ বাবে হাত চাপৰি বজাওক।’

বিৰাটৰ কথাৰে আঁত ধৰি সঞ্চালক গৌৰৱ কাপুৰে কয়, ‘মই এটা কথা ভাবিছোঁ। সেয়া হ’ল যশপ্ৰীত বুমৰাহক ভাৰতৰ জাতীয় সম্পদ বা (বিশ্বৰ) অষ্টম আশ্চৰ্য্য হিচাপে ঘোষণা কৰিবলৈ এখন আবেদন আৰম্ভ কৰিম। বিৰাট, সেই আবেদনত চহী কৰা প্ৰথম ব্যক্তি হ’বনে?’, যাৰ উত্তৰত বিৰাটে ক’লে, ‘মই এতিয়াই সেই আবেদনখনত চহী কৰিম। তেওঁ কেতিয়া কি খেলিব, তেওঁ সিদ্ধান্ত লওক। মই বিচাৰো তেওঁ যিমান পাৰে খেলক। কাৰণ তেওঁৰ দৰে বলাৰ প্ৰজন্মত এজনেই আহে। সৌভাগ্যক্ৰমে তেওঁ আমাৰ দলত খেলে।

লগতে পঢ়কঃ অভূতপূৰ্ব! মুম্বাইৰ সমুদ্ৰৰ পাৰত জনসমুদ্ৰ,বিশ্বকাপজয়ী দলক চাবলৈ হেতাওপৰা ক্ৰীড়াপ্ৰেমীৰ

বিৰাটে কোৱা কথাবোৰত একো অতিৰঞ্জিত নাই। কাৰণ বুমৰাহে এইবাৰ বিশ্বকাপত অবিশ্বাস্য খেল খেলিছে। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ৮খন মেচত ১৫টা উইকেট দখল কৰে। সৰ্বাধিক উইকেট গ্ৰহণকাৰীৰ তালিকাত তৃতীয় স্থানত থকাৰ পিছতো বুমৰাহৰ প্ৰভাৱ হৈছে অবিশ্বাস্য গড় ৮.২৬। ইকোনমি ৰেট ৪.১৭। তেওঁৰ চাৰি অভাৰ এতিয়া বিপক্ষৰ বাবে দুঃস্বপ্ন হৈ পৰিছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা বা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হোৱা বা ফাইনেলত জয়ী হোৱা প্ৰতিখন মেচতে বুমৰাহে টিম ইণ্ডিয়াক পুনৰ মেচলৈ আনিছে।