NORTHEAST NOW (Assamese)

কাইলৈ প্ৰথম টি-২০: দলত নাথাকিব কোহলী, কি ক’লে দ্ৰাবিড়ে!

January 10, 2024 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত কাইলৈ অৱতীৰ্ণ হ’ব ভাৰতীয় দল। কাইলৈৰ এই মেচখনত ভাৰতীয় দলত নাথাকিব দলৰ তাৰকা বেটাৰ বিৰাট কোহলী।

মেচখনৰ পূৰ্বে আজি ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে সংবাদমেলত সদৰী কৰিছে এই কথা। ব্যক্তিগত কাৰণত কোহলিয়ে প্ৰথম টি-২০ত অংশ ল’ব নোৱাৰিব বুলি দাবিড়ে সদৰী কৰে।

অৱশ্যে শৃংখলাৰ অন্তি দুখন মেচৰ বাবে তাৰকাগৰাকী দলত উপলব্ধ হ’ব বুলিও দ্ৰাবিড়ে উল্লেখ কৰে। লগতে কাইলৈ যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাই দলৰ বেটিং মুকলি কৰিব বুলিও নিশ্চিত কৰে দ্ৰাবিড়ে।

উল্লেখ্য যে, ২০২২ চনৰ টি-২০ বিশ্বকাপতে অন্তিমবাৰৰ বাবে টি-২০ত অংশ লৈছিল কোহলীয়ে। তাৰ পিছৰে পৰা এই ফৰ্মেটৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা নাছিল তাৰকাগৰাকী।

কোহলীৰ লগতে দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাও টি-২০ত দলৰ পৰা বাহিৰত আছিল। ইয়াৰ পিছতে দুয়োগৰাকী অভিজ্ঞ তাৰকাৰ টি-২০ ভৱিষ্যতক লৈ নানা জল্পনা-কল্পনা চলিছিল।

আগন্তুক টি-২০ বিশ্বকাপত ৰোহিত আৰু কোহলী দলত নাথাকিব বুলিও চৰ্চা চলিছিল। এনে চৰ্চাৰ মাজতে আফগানিস্তানৰ বিপক্ষে শৃংখলাৰ বাবে দুয়োকে দললৈ ঘূৰাই আনএ বিচিচিআয়ে।

Related News