NORTHEAST NOW (Assamese)

হ’ম’ফ’বিয়া আৰু বৈষম্যৰ অভিযোগ অস্বীকাৰ বিৰাট কোহলীৰ মালিকানাধীন ৰেষ্টুৰেন্টৰ

November 17, 2021 4:11 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ মালিকানাধীন ৰেষ্টুৰেণ্ট শৃংখলা ৱান8 কমিউনৰ বিৰুদ্ধে উত্থাপিত হ’ম’ফ’বিয়া আৰু সমকামী ব্যক্তিৰ বিৰুদ্ধে বৈষম্যমূলক অভিযোগ অস্বীকাৰ কৰিছে ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই।

LGBTQA + গোট ‘য়েছউইএক্সিষ্টইণ্ডিয়া’ ই কোহলীৰ মালিকানাধীন ৰেষ্টুৰেন্টৰ এটা শাখা পুনে আউটলেটে কেৱল বিপৰীত লিঙ্গৰ দম্পতী বা জন্মগত সমকামী মহিলাৰ কিছু বিশেষ গোটকহে প্ৰৱেশৰ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। দলটোৱে লগতে অভিযোগ কৰিছিল যে ৰেষ্টুৰেণ্টৰ আন শাখাবোৰেও একে ধৰণৰ নীতি অনুসৰণ কৰে।

এই অভিযোগ অস্বীকাৰ কৰি ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই কয়, “উদ্যোগৰ বিস্তৃত অনুশীলনৰ দৰে আৰু চৰকাৰী নিয়ম অনুসৰি আমাৰ অতিথিসকলৰ বাবে এক সুৰক্ষিত আৰু উপভোগ্য পৰিৱেশ নিশ্চিত কৰাৰ বাবে আমাৰ ওচৰত নিশ্চিতভাৱে ষ্টেগ প্ৰৱেশ নীতি শিথিলতা সাপেক্ষে কিছু ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে।

“কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ কোম্পানীৰ নীতিয়ে যিকোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিপক্ষে কোনো বৈষম্যমূলক প্ৰৱেশ নিয়ম প্ৰদান কৰে।”

লগতে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই ইয়াৰ নীতিসমূহৰ বিষয়ে কোনো অসাৱধানতাপূৰ্ণ ভুল ধাৰণা থাকিলে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে এটা ইনষ্টাগ্ৰাম পোষ্টত গোটটোৱে দাবী কৰিছিল যে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সমকামী দম্পতী বা সমকামী পুৰুষৰ এটা গোটক ৰেষ্টুৰেণ্টত অনুমতি দিয়া নহয় আৰু ট্ৰেন্স মহিলাসকলক তেওঁলোকৰ পোছাক সাপেক্ষে অনুমতি দিয়া হয় বুলি কয়।

এই অভিযোগ উত্থাপনৰ পিছতে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল কোহলীৰ মালিকানাধীন ৰেষ্টুৰেন্ট শৃংখলাটো।

Related News