NORTHEAST NOW (Assamese)

ভিটামিনৰ অভাৱে প্ৰভাৱ পেলাব পাৰে সম্পৰ্কত! হ্ৰাস হ’ব পাৰে সম্ভোগৰ ইচ্ছা

May 26, 2025 9:00 pm · নৰ্থ -ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 26, 2025 6:32 pm

আজিকালি বিভিন্ন বয়সৰ লোকৰ শৰীৰত ভিটামিনৰ অভাৱ দেখা যায়। আচলতে আমি পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ অভাৱৰ প্ৰতি সাৱধান হলেও আমি ভিটামিনক অৱহেলা কৰোঁ। ব্যস্ত জীৱনৰ বাবে প্ৰকৃততে কোনেও সঠিক খাদ্যাভ্যাস পালন নকৰে। আনকি সুস্থ লোকেও ভিটামিনৰ অভাৱত গুৰুতৰ ৰোগত ভুগিব পাৰে। অন্যান্য শাৰীৰিক সমস্যাৰ লগতে যৌন স্বাস্থ্যতো প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে ভিটামিন ডিৰ অভাৱত যৌন সমস্যাৰ সৃষ্টি হব পাৰে।

যৌনতা আৰু ভিটামিন ডিৰ মাজত সঠিকভাৱে কি সম্পৰ্ক?

হৰমনৰ ভাৰসাম্য ৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডিৰ প্ৰয়োজন হয়, যাৰ ফলত যৌন কাৰ্য্য আৰু কামনাত প্ৰভাৱ পৰে। শৰীৰত ভিটামিন ডিৰ মাত্ৰা সঠিক নহলে ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন আদি যৌন হৰমনৰ নিঃসৰণ সঠিক নহয়।

ভিটামিন ডিৰ অভাৱত পুৰুষৰ যৌন ক্ষমতা আৰু ইচ্ছা দুয়োটাতে প্ৰভাৱ পৰে। ভিটামিন ডিৰ অভাৱত ইৰেক্টিল ডিছফংচন (ED) ব পাৰে। আন বহু ধৰণৰ যৌন সমস্যাও হব পাৰে। ভিটামিন ডিৰ অভাৱত মহিলাৰ ঋতুচক্ৰতো প্ৰভাৱ পৰে।

শৰীৰত ভিটামিন ডিৰ অভাৱ হলে মানসিক বিষণ্ণতা বৃদ্ধি পায়। যিয়ে পৰোক্ষভাৱে যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।

যৌন উত্তেজনা আৰু কৰ্মক্ষমতা ৰক্ত সঞ্চালনৰ ওপৰত নিৰ্ভৰ কৰে। ভিটামিন ডিয়ে শৰীৰত ৰক্ত সঞ্চালনৰ ভাৰসাম্য ৰক্ষা কৰে। যৌন সম্পৰ্কৰ সময়ত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। গতিকে এই ভিটামিনৰ অভাৱৰ ফলত যৌনাংগলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ সঞ্চালন নহবও পাৰে। একে সময়তে ভিটামিন ডিয়ে ধমনী কাৰ্য্য বৃদ্ধি কৰি আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত ভূমিকা পালন কৰে।শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত ভিটামিন ডি-এ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ভিটামিনৰ অভাৱত সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। গতিকে যদি আপোনাৰ এনে কোনো সমস্যা আছে তেন্তে শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে নেকি পৰীক্ষা কৰি চাবলৈ নাপাহৰিব।

Related News