NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ বজাৰলৈ আহিল 5G স্মার্টফোন; চাওক কি আছে ইয়াত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2020 4:36 pm
_df460954-4681-11ea-b9ea-c2a424b98379

বহু অপেক্ষিত 5G স্মার্টফোন আহি ভাৰতৰ বজাৰ পালেহি। 4G ৰ আলোড়নৰ পাছত এইবাৰ স্মাৰ্টফোনৰ গ্ৰাহকৰ বাবে নতুন আকৰ্ষণ হৈ পৰিব এই 5G স্মার্টফোন।

সদ্যহতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক এটা স্মাৰ্টফোনত কথা পাতি থকা দেখি বিভিন্নজনৰ মনত কল্পনা আৰম্ভ হৈছিল। ফোনটোৰ মডেল সম্পৰ্কে জানিবলৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছিল।

জানিব পৰা মতে, বিৰাট কোহলিৰ হাতত দেখা যোৱা ফোনটো অইন একো নহয়, সেইটো আছিল চীনৰ iQoo কোম্পানীৰ Pro 5G edition হে।

যোৱা বছৰেই এই ফোনটোৱে আত্মপ্ৰকাশ কৰিছিল। এতিয়া শীঘ্ৰেই এইটো ভাৰতৰ বজাৰত অহাৰ প্ৰস্তুতি চলিছে।

চীনৰ iQoo কোম্পানীৰ ফালৰ পৰা কিছুদিন পূৰ্বে  ফোনটো মুকলিৰ এটা টীজাৰ প্ৰকাশ কৰা হৈছিল।

VIVO’ৰ ছাৱ ব্ৰেণ্ডটোৰ ফালৰ পৰা বেংগালুৰুত এটা কাৰ্যালয়ো মুকলি কৰা হৈছে। তদুপৰি, ভাৰতীয় গ্ৰাহকৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰা হৈছে এটি ৱেবছাইট।

VIVO’ৰ  ফেক্টৰীত নিৰ্মিত বিৰাটৰ হাতত থকা ফোনটোত Snapdragon 855+ চীপছেট আছে বুলি কোম্পানীৰ সূত্ৰত প্ৰকাশ।

অৱশ্যে, ভাৰতলৈ এই ফোনটো অহাৰ সম্ভাৱনা নাই। তাৰ সলনি ভাৰতৰ বজাৰত আহিব লগা VIVO’ৰ ছাৱ ব্ৰেণ্ড iQoo কোম্পানীৰ ফোনটোত Snapdragon 855 চীপছেটৰ লগতে থাকিব পাৰে 44W ফাষ্ট চাৰ্জ ছাপোৰ্ট চিষ্টেম।