NORTHEAST NOW (Assamese)
অসম

নতুন আইন আনিলে পুটিনে; ভুৱা খবৰ বিয়পালে শাস্তি ১৫ বছৰৰ কাৰাদণ্ড!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2022 10:16 am
WhatsApp Image 2022-03-27 at 9.48.06 AM

ৰাছিয়াৰ দেশৰ বাহিৰৰ কাৰ্যসূচীকলৈ ভুৱা খবৰ বিয়পালে বিহা হ’ব ১৫বছৰৰ কাৰাদণ্ড। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এনে এখন আইনতে শুকুৰবাৰে স্বাক্ষৰ কৰিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াকলৈ চলি থকা বিভিন্ন বিৰোধাত্মক বাতৰিৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈকে পুটিনে এনে আইন আনিছে।

ইউক্ৰেইনত ৰাছিয়াই সামৰিক অভিযান চলোৱাকলৈ বাকী বিশ্বৰ চাপৰ সন্মুখীন হৈছে পুটিন। প্ৰায় এমাহ ধৰি অভিযান চলায়ো ৰাছিয়াই এতিয়ালৈকে ইউক্ৰেইনক নিয়ন্ত্ৰণত আনিব পৰা নাই।

লগতে পঢ়ক: আইপিএলৰ উদ্বোধনী মেচত চেন্নাইক অনায়াসে ৬উইকেটত হৰুৱালে কলকাতাই

ইপিনে, পুটিনৰ যুদ্ধবাজ আচৰণ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে।  

বিগত সপ্তাহতে সংসদত গৃহীত হোৱা ভুৱা তথ্য সম্বন্ধীয় বিধেয়কখনত পুটিনে স্বাক্ষৰ কৰে। আইনখনৰ মতে বিদেশত থকা ৰাছিয়াৰ চৰকাৰী কৰ্মী বা সংস্থাৰ বিৰুদ্ধে ভুৱা তথ্য বা খবৰ বিয়পোৱাৰ প্ৰমান লাভ কৰিলে তাৰ বিৰুদ্ধে জৰিমনাসহ কাৰাদণ্ড বিহা হ’ব। এই আইন মতে সৰ্বাধিক ১৫ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।

ৰাষ্ট্ৰপতি পুটিনে বিশ্বত দেশখনৰ সন্দৰ্ভত যাতে মৰ্যাদাৰ উলংঘন নহয় তালৈ দৃষ্টি ৰাখি এই কঠোৰ আইন আনিছে।