গোলাঘাটৰ ক’ভিড হাস্পাতালত স্বেচ্ছাসেৱী সংস্থাই প্ৰদান কৰিলে চিকিৎসা সামগ্ৰী

কৰ’না সৃষ্ট পৰিৱেশত বিভিন্নজনে বিভিন্নজনক সহায় কৰাৰ লক্ষ্যৰে ওলাই আহিছে।
কোনোৱে যদি পথত বাস কৰা নতুবা ঘৰত আৱদ্ধ হৈ থকা সকলক খাদ্য যোগান ধৰিছে, কোনোৱে আকৌ চিকিৎসাত নিয়োজিত হৈ থকা সকলক যোগান ধৰিছে চিকিৎসা সামগ্ৰী।
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক দুটা স্বেচ্ছাসেৱী সংগঠনে যোগান ধৰে চিকিৎসা সেৱাত ব্যৱহাৰ হোৱা সামগ্ৰী।
চিকিৎসালয়খনৰ কভিড হাস্পাতালত বৰ্তমান বহুকেইগৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে।
এই দিশৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যকৰ্মী সকলৰ সুবিধাৰ্থে দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন গুঞ্জ আৰু অসমৰ ফাৰ্ম টু ফুড নামৰ স্বেচ্ছাসেৱী সংগঠন দুটাই প্ৰদান কৰে দুটা অক্সিজেন কনচেন্ট্রেটৰ, অক্সিমিটাৰ আৰু ফেচশ্বিল্ড।
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, বহুকেইগৰাকী বিষয়ববীয়াৰ উপস্থিতিত প্ৰদান কৰা হয় এই সামগ্ৰীসমূহ।