NORTHEAST NOW (Assamese)
দেশ

আদিত্যনাথৰ সকীয়নি: বিজেপিক ভোট দিয়ক, নহ’লে উত্তৰ প্ৰদেশ কাশ্মীৰ, বংগ বা কেৰালা হ’ব!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2022 8:54 pm
Yogi Adityanath

“উত্তৰ প্ৰদেশ কাশ্মীৰ, পশ্চিম বংগ বা কেৰালা হ’বলৈ বেছি সময় নালাগিব, যদি উত্তৰ প্ৰদেশৰ ভোটাৰসকলে ভুল কৰে। এনে হোৱাৰ পৰা ৰক্ষা পাবলৈ বিজেপিক ভোট দিয়ক”- উত্তৰ প্ৰদেশৰ ভোটাৰক এইদৰে একপ্ৰকাৰ হুমকি দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

উত্তৰ প্ৰদেশত ক্ষমতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আদিত্যনাথে কয় যে ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশত বহুতো অভূতপূৰ্ব ঘটনা ঘটিছে।

ভোটাৰসকলে প্ৰদান কৰা ভোট তেওঁৰ পাঁচ বছৰৰ তপস্যাৰ বাবে এক আশীৰ্বাদ বুলি উল্লেখ কৰি যোগীয়ে কয় যে ভোটটোৱে উত্তৰ প্ৰদেশৰ জনতাৰ ‘ভয়-মুক্ত জীৱন’ৰ বাবে গেৰাণ্টি হিচাপে কাম কৰিব।”

ৰাজ্যৰ ভোটাৰসকলক সাৱধানবাণী শুনাই যোগীয়ে কয় যে যদি ভোটাৰে ভুল কৰে, যোৱা পাঁচ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত পানী ঢালি দিয়া হ’ব। তেতিয়া এইবাৰ উত্তৰ প্ৰদেশে কাশ্মীৰ, বংগ বা কেৰালা হ’বলৈ বেছি সময় নল’ব।

যোগীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআই(এম) – এ। এক টুইটৰ যোগেদি চিপিআই(এম)- এ কয় যে মুখ্যমন্ত্ৰী যোগীয়ে ভোটাৰসকলক কেৰালাৰ দৰে হোৱাৰ পৰা ৰক্ষা পাবলৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে।

কিন্তু কেৰালাই ধাৰাবাহিকভাৱে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈ আহিছে। আনহাতে উত্তৰ প্ৰদেশক এই তালিকাত আটাইতকৈ নিম্ন স্থানত ঠাই দিয়া হৈছে।

আন এটা টুইটত চিপিআই(এম)- এ কয় যে নীতি আয়োগৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকে কেৰালাক ১ নম্বৰ স্থান দিছে আনহাতে উত্তৰ প্ৰদেশ আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অন্যতম।

“মুখ্যমন্ত্ৰী যোগীয়ে কৈছে যে বিজেপিক ভোট দিয়াটোৱে উত্তৰ প্ৰদেশক কেৰালাৰ দৰে কৰি তুলিব। ভোটাৰসকলে মন কৰিব।” চিপিআই(এম)য়ে এক ব্যঙ্গাত্মক প্ৰত্যুত্তৰত কয়।

আনহাতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও শ্ৰীযুত আদিত্যনাথৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইট কৰিছে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ জনতাই কেৰালাৰ দৰে ৰাজ্যই বিচাৰে।

যদি উত্তৰ প্ৰদেশ কেৰালালৈ পৰিণত হয়, ই সৰ্বশ্ৰেষ্ঠ শিক্ষা, স্বাস্থ্য সেৱা, সমাজ কল্যাণ, জীৱন ধাৰণৰ মানদণ্ড উপভোগ কৰিব বুলি মন্তব্য কৰে বিজয়নে।

“এই ব্যৱস্থাত এনে এক সুসংগত সমাজ থাকিব য’ত ধৰ্ম আৰু জাতিৰ নামত মানুহক হত্যা কৰা নহ’ব। উত্তৰ প্ৰদেশৰ মানুহে সেয়াই বিচাৰিব।”- বিজয়নে টুইটটোত এইদৰে উল্লেখ কৰে।