NORTHEAST NOW (Assamese)

গোলাঘাটত ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট ট্ৰেইল’ মেচিন সম্পৰ্কীয় সজাগতা অভিযান

March 9, 2019 6:18 am · ঋতুপল্লব শইকীয়া
Updated: March 9, 2019 6:20 am
গোলাঘাটত ভোটাৰ সজাগতা শিৱিৰৰ আলোকচিত্ৰ।

লোকসভা নিৰ্বাচনৰ সময় চমুচাপি অহাৰ লগে লগে দেশৰ লগতে অসমতো নিৰ্বাচনী বিষয়াসকলৰ কাম-কাজ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন প্ৰক্ৰিয়া সম্পুৰ্ণ নিকা আৰু সুস্থভাবে পৰিচালনা কৰাৰ বাবে জিলাই জিলাই বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে।

আনহাতে, নিৰ্বাচনী বিভাগে জনসাধাৰণক দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰত্যক্ষ অংশগ্ৰহণ কৰি ভোটদান কৰিবলৈ  আহ্বান জনোৱাৰ সমান্তৰালভাবে ডিজিটেল ভোটদান ব্যৱস্থাৰ বিষয়েও সচেতন কৰি তোলাৰ ক্ষেত্ৰত কেতবোৰ সজাগতা আঁচনি হাতত লৈছ।

ভোটাৰ সজাগতা অভিযানৰ অংশস্বৰূপে ৭ মার্চত গোলাঘাটৰ নিৰ্বাচনী বিষয়া কুকিলা গগৈয়ে গোলাঘাট অধিবক্তা সন্থাৰ কাৰ্য্যালয়ত ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট  ট্ৰেইল’ সম্পৰ্কে এখন সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনত সন্থাৰ বহুসংখ্যক সদস্যৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট  ট্ৰেইল’ মেচিন ব্যৱহাৰ সম্পৰ্কত জনসাধাৰণক সজাগ কৰাৰ বাবে জিলাখনৰ প্ৰতিটো অঞ্চলত সজাগতা অনুষ্ঠান, শিবিৰ আদি আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News