NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ত প্ৰাচীৰ পত্ৰিকা ‘থুপিতৰা’ উন্মোচন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 19, 2019 7:34 am
IMG-20190618-WA0016

অঞ্চল এটাৰ বাবে একোখন প্ৰাচীৰ পত্ৰিকা দাপোন স্বৰূপ ৷ মাৰ্ঘেৰিটা শাখা কবি সন্মিলনে প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে তেনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

মঙলবাৰে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ  কাৰ্য্যালয়ত মাৰ্ঘেৰিটা শাখা কৰি সন্মিলনে ‘থুপিতৰা’ নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। প্ৰাচীৰ পত্ৰিকাখনে বিভিন্ন চৰকাৰী তথা সামাজিক কামত মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ যোৱা ৰাইজক কিছু পৰিমানে হ’লেও নতুন চিন্তাৰ খোৰাক যোগাব বুলি আশাবাদী মাৰ্ঘেৰিটা কবি সন্মিলন।

মঙলবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মহকুমাধিপতি সুমিত সত্তাৱনে প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে। শাখা সন্মিলনৰ সভাপতি তথা পত্ৰিকাখনৰ মুখ্য সম্পাদক অশ্বিনী গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহকুমাধিপতিৰ লগত সহকাৰী আয়ুক্ত ঝৰ্ণা পাটগিৰী আৰু মাধুৰ্য্য বুঢ়াগোঁহাইক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

আনহাতে, প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি মহকুমাধিপতিয়ে শাখা সন্মিলনৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু পত্ৰিকাখনে মহকুমাটোৰ সাহিত্য চৰ্চাৰ দিশটোলৈ নতুন পোহৰ আনিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোত শাখাৰ উপদেষ্টা স্বৰ্গজ্যোতি বৰা, নিকুঞ্জ গগৈ,  সহ সম্পাদিক শেৱালী দত্ত শইকীয়া, পত্ৰিকা সম্পাদিকা বৰ্ণালী বৰঠাকুৰ, প্ৰচাৰ সম্পাদিকা চানিয়া বৰুৱা, অন্নদিতা গোস্বামী, ৰুক্মিনী হালৈ, কুমাৰ বিকাশকে ধৰি ভালেকেইগৰাকী কবি, সাহিত্যিক উপস্থিত থাকে।