World’s Richest Family 2024: ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল ৱালটন, আম্বানী ৮ নম্বৰত
বিদায়বেলাত চৌবিশ চন। এতিয়া পিছলৈ ঘূৰি চোৱাৰ সময়, বছৰটো কাৰ কেনেকুৱা গ’ল? লগতে ২০২৪ চনৰ শেষত কোন কি অৱস্থানত থাকিল।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ শেষৰ ফালে ৱালমাৰ্টৰ ৱালটন পৰিয়ালটোৱেই হ’ল বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ৪৩২.৪ বিলিয়ন মাৰ্কিন ডলাৰ। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ ব্যক্তিগত সম্পদ আৰু আৰব ৰাজ পৰিয়ালবোৰৰ সম্পদতকৈও বেছি।
ভাৰতৰ পৰা এই তালিকাত স্থান লাভ কৰিছে আম্বানী পৰিয়ালে। তেওঁলোক অষ্টম স্থানত আছে। আৰু ২৩ নম্বৰ স্থানত আছে শপুৰজী পল্লোঞ্জী মিষ্ট্ৰী পৰিয়াল।
ৱালটন পৰিয়াল শীৰ্ষলৈ উভতি অহাৰ আঁৰত:
ৱালটন পৰিয়ালটোৱে ব্লুমবাৰ্গৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকালৈ ঘূৰি আহিছে, মূলতঃ ৱালমাৰ্টৰ শ্বেয়াৰৰ বাবে। ২০২৪ চনৰ ১০ ডিচেম্বৰলৈকে এই বছৰ ৱালমাৰ্টৰ শ্বেয়াৰৰ মূল্য ৮০ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত তেওঁলোকৰ মিলিত পাৰিবাৰিক সম্পদ ১৭২.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি তেওঁলোকৰ সম্পদ বৃদ্ধিৰ হাৰ প্ৰতিদিনে প্ৰায় ৪৭৩.২ মিলিয়ন ডলাৰ বা প্ৰতি মিনিটত ৩২৮,৫৭৭ ডলাৰ।
বিশ্বৰ শীৰ্ষ পাঁচটা ধনী পৰিয়াল:
১. ৱালটন পৰিয়াল (ৱালমাৰ্ট): ৪৩২.৪ বিলিয়ন ডলাৰৰ মালিকীস্বত্ব, যিটো কোম্পানীটোৰ ৪৬ শতাংশ শ্বেয়াৰৰ পৰা আহিছে। তিনি প্ৰজন্মৰ পৰিয়ালটো আমেৰিকাত বাস কৰে। ৱালমাৰ্টৰ ১০,৬০০ৰো অধিক ষ্ট’ৰ আছে।
২. আল নাহিয়ান পৰিয়াল (সংযুক্ত আৰব আমিৰশ্বাহী): আল নাহিয়ানৰ সম্পত্তিৰ পৰিমাণ ৩২৩.৯ বিলিয়ন ডলাৰেৰে দ্বিতীয় স্থানত আছে। এই পৰিয়ালটোৱেই তেল সমৃদ্ধ অঞ্চলটোৰ শাসক। ইয়াৰ বাহিৰেও আবুধাবিৰ শ্বেয়াৰ বজাৰৰ ৬৫ শতাংশ তেওঁলোকে নিয়ন্ত্ৰণ কৰে।
৩. আল থানি পৰিয়াল (কাটাৰ): এই পৰিয়ালটোৱে ১৭২.৯ বিলিয়ন ডলাৰেৰে তৃতীয় স্থানত আছে। গেছ আৰু তেল তেওঁলোকৰ প্ৰধান সম্পদ।
৪. হাৰ্মেছ পৰিয়াল (ফ্ৰান্স): বিলাসী সামগ্ৰী নিৰ্মাতা কোম্পানীটোৰ সম্পদৰ পৰিমান ১৭০.৬ বিলিয়ন ডলাৰ।
৫. কোখ পৰিয়াল (আমেৰিকা): ১৪৮.৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে তেল ব্যৱসায়ত জড়িত তিনিটা প্ৰজন্মৰ পৰিয়াল।
ভাৰতৰ দুটা পৰিয়ালঃ
১. আম্বানী পৰিয়ালঃ ৯৯.৬ বিলিয়ন ডলাৰৰ সম্পত্তিৰে অষ্টম স্থানত আছে মুকেশ আম্বানীৰ পৰিয়াল। তেওঁলোকৰ ধন-সম্পত্তিৰ মূল উৎস হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ দ্ৰুত সম্প্ৰসাৰণ।
২. মিষ্ট্ৰী পৰিয়াল (শাপুৰজী পল্লনজী): এই পাঁচ প্ৰজন্মৰ পৰিয়ালটোৱে এই তালিকাত ২৩ নম্বৰ স্থানত আছে, যাৰ সম্পত্তিৰ পৰিমাণ ৪১.৪ বিলিয়ন ডলাৰ।
বিশ্বৰ শীৰ্ষ ১৫টা ধনী পৰিয়ালৰ তালিকা (২০২৪):
১. ৱালটন, ২। আল নাহিয়ান, ৩। আল থানি, ৪। হাৰ্মিছ, ৫. কোK, ৬। আল ছাউদ (১৪০ বিলিয়ন ডলাৰ), ৭। মাৰ্চ (১৩৩.৮ বিলিয়ন ডলাৰ), ৮. আম্বানী, ৯। ৱাৰথাইমাৰ (৮৮ বিলিয়ন ডলাৰ), ১০। থমছন (৮৭.১ বিলিয়ন ডলাৰ), ১১। জনছন (৭২.৪ বিলিয়ন ডলাৰ), ১২। আলব্ৰেক্ট (৬০.২ বিলিয়ন ডলাৰ), ১৩। প্ৰিট্জকাৰ (৫৯.৪ বিলিয়ন ডলাৰ), ১৪। কাৰ্গিল-মেকমিলান (৫৬ বিলিয়ন ডলাৰ), ১৫। অফাৰ (৫৫.৬ বিলিয়ন ডলাৰ)।