NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ চাপানালাত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা November 6, 2019 6:49 pm

প্ৰায়েই হাতী-মানুহৰ সংঘাতে বাতৰিৰ শিৰোনাম দখল কৰা চামগুৰিৰ চাপানালাত এইবাৰ এটা নাহৰফুটুকী বাঘে অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

কালি অৰ্থাৎ মঙলবাৰে নিশা এটা নাহৰফুটুকীয়ে চাপানালাত মুক্ত বিচৰণ কৰি থকাৰ এটি ভিডিঅ’ক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ।

নগাঁও জিলাৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চোৱাং বনাঞ্চলৰ পৰা জনাঞ্চলত মঙলবাৰে নিশা প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল নাহৰফুটুকী বাঘটোৱে, যি দৃশ্য বন্দী হৈ ৰৈছিল বনৰক্ষীৰ কেমেৰাত।

চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে নীশা বনৰীয়া হাতী খেদিবলৈ তহলদাৰী কৰি থকাৰ সময়তে হঠাৎ মুখামুখি হৈছিল প্ৰকাণ্ড নাহৰফুটুকীটোৰ সৈতে।

পিছত দলটোৱে নিশাই নাহৰফুটুকীটোক খেদি নিৰাপদ স্থানলৈ আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। অৱশ্যে এতিয়ালৈকে অঞ্চলটোত নাহৰফুটুকী বাঘে কোনো লোককে আক্ৰমণ কৰা নাই।