NORTHEAST NOW (Assamese)

ঘৰুৱা ক্ৰিকেটৰ মহান বেটছমেন ৱাছিম জাফাৰে BCCI ক দিছে কেতবোৰ পৰামৰ্শ

June 15, 2020 5:08 pm · এন ই নাও নিউজ
Updated: June 15, 2020 5:27 pm
ৱাছিম জাফৰ

ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতৰ প্ৰাক্তন অপেনিং বেটছমেন আৰু ঘৰুৱা মহান ক্ৰিকেটাৰ ৱাছিম জাফাৰে বি চি চি আইক প্ৰদান কৰিছে কেতবোৰ পৰামৰ্শ।

জাফাৰে নিজৰ পৰামৰ্শত কৈছে যে ক’ৰ’নাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ বিজয় হাজাৰে, দিলীপ ট্ৰফি আৰু দেওধৰ ট্ৰফি বাতিল কৰি দিব লাগে।

তেওঁ লগতে কয় যে এই টুৰ্ণামেণ্টৰ ৰাহি হোৱা সময়খিনি ৰঞ্জি ট্ৰফি আৰু চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত ব্যৱহাৰ কৰিব লাগে।

ৱাছিম জাফাৰে এইটো সুনিশ্চিত কৰিব বিচাৰে যে খেলুৱৈসকলে আৰামৰ বাবে যাতে পৰ্যাপ্ত পৰিমানৰ সময় পাই আৰু বিভিন্ন টুৰ্ণামেণ্টৰ বাবে যাতে দৌৰাদৌৰি নহয়।

তেওঁ লগতে কয়, ‍‘ক্ৰিকেট আৰম্ভ হ’লে প্ৰথম আই পি এল অনুষ্ঠিত হোৱাটো বিচাৰো। আই পি এল শেষ হোৱাৰ পিছত ইৰাণী ট্ৰফি অনুষ্ঠিত কৰিব লাগে। কিয়নো প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱা সৌৰাষ্ট্ৰই এই টুৰ্ণামেণ্ট খেলিবলৈ পোৱাটো মই বিচাৰো’।

‍‘ইয়াৰ পিছতহে ৰঞ্জি ট্ৰফি আৰম্ভ কৰিব লাগে। আহা বছৰ আই পি এলৰ নিলামৰ পূৰ্বে চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট আয়োজন কৰিব লাগে’, বুলিও জাফাৰে মন্তব্য কৰে।

Related News