NORTHEAST NOW (Assamese)
অসম

শংকিত বিজেপি! গুজৰাটত পানীৰ বটল দলিয়াই অৰবিন্দ কেজৰিৱালক আক্ৰমণ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 2, 2022 4:02 pm

পঞ্জাৱৰ পিছত গুজৰাট। আপৰ লক্ষ্য এইবাৰ গুজৰাট। আৰু কেইমাহমানৰ পিছতে গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্য খনত খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰাখিছে আপে। অৰবিন্দ কেজৰিৱালে ৰাজ্য খনত অনুষ্ঠিত কৰা সভাসমূহতো অভাৱনীয় ভাবে মানুহৰ ভিৰ হৈছে।

শেহতীয়াকৈ দুদিনীয়া ভ্ৰমণসূচীলৈ গুজৰাটলৈ গৈছে কেজৰিৱাল। আজি গুজৰাটত থকাৰ সময়তে কেজৰিৱাল এক আক্ৰমণৰ সন্মুখীন হয়। গুজৰাটৰ এটা মন্দিৰত গৰবা অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা হয়।

ৰাজকোটত এক অনুষ্ঠানত ভাগ লোৱাৰ সময়তে কেজৰিৱালক লক্ষ্য কৰি দুৰ্বৃত্তই পানীৰ বটল নিক্ষেপ কৰা কৰে। তেওঁ খোৰালধাম মন্দিৰৰ অনুষ্ঠানত যোগদান কৰিছিল। সেই সময়ত পানীৰ বটল এটা তেওঁৰ ফালে উফৰি যোৱা দেখা গৈছিল। অৱশ্যে, কেজৰীৱালৰ দেহত বটলটোৱে আঘাত কৰিব নোৱাৰিলে। উল্লেখ্য কেজৰিৱালে সমগ্ৰ দেশজুৰি নৱৰাত্ৰি উদযাপনৰ মাজতে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে।

আজি তেওঁ খোৰেলধাম মন্দিৰলৈ গৈছিল আৰু গৰবা অনুষ্ঠানত যোগদান কৰিছিল। ৰাজকোটৰ এই মন্দিৰত তেওঁৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আছিল। ।

কেইবাজনো দলীয় কৰ্মী আৰু সমৰ্থকো তেওঁলোকৰ সৈতে আছিল। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটো উপভোগ কৰি থকাৰ সময়তে পানীৰ বটল নিক্ষেপৰ ঘটনাটো ঘটে। দুৰ্বৃত্তক আটক কৰিব পৰা নাই আৰক্ষীয়ে। এই ঘটনাৰ সৈতে বিজেপিৰ সমৰ্থক জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।