NORTHEAST NOW (Assamese)
অসম

হাজোৰ কুলহাটীত ভয়ংকৰ বিস্ফোৰণ; চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ February 15, 2022 12:41 pm
blast in Kulhati Hajo

পুৱাই এটা প্ৰচণ্ড বিষ্ফোৰণে কপাঁলে তীৰ্থনগৰী হাজোৰ কুলহাটী অঞ্চল। এই বিষ্ফোৰণক কেন্দ্ৰ কৰি পুৱাই হাহাকাৰ কুলহাটীত।

কিন্তু দৰাচলতে কি হৈছিল কুলহাটীত? কুলহাটীৰ মাজকুছিত কিছুদিন পূৰ্বে জলজীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছিল এটা পানী টেংক।

জলজীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে লাখ লাখ টকা ব্যয় কৰি মাজকুছিত নিৰ্মাণ কৰিছিল টেংকটো।

লগতে পঢ়ক: মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী

কিন্তু তেনে সময়তে সংঘটিত হ’ল এক ভয়ংকৰ অঘটন। নৱনিৰ্মিত জলজীৱন মিছনৰ ৯০ হাজাৰ লিটাৰৰ টেংকটোত, কৰ্মৰত এজন কৰ্মচাৰীয়ে পানী উঠাই থকাৰ সময়তে হঠাৎ বিষ্ফোৰণ ঘটি কুলহাটী-মাজকুচি সংযোগী পথত সৃষ্টি কৰিলে কৃত্ৰিম বানপানীৰ।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত পথটোৱেৰে এখন চাইকেলৰে আহি থকা অৱস্থাত লোক এজনক পানীৰ তীব্ৰ সোঁতে চাইকেলসহ উটুৱাই লৈ যায়। এই সমগ্ৰ দৃশ্য বন্দী হয় এঘৰ লোকৰ CCTV কেমেৰাত।

কেৱল এয়াই নহয়, এই ঘটনাত এখন ব্যৱসায়িক প্ৰতিষ্ঠান সহ দুটাকৈ পৰিয়ালো ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাই এতিয়া সমগ্ৰ কুলহাটী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ পৌৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই নৱনিৰ্মিত টেংকটো বিষ্ফোৰণ ঘটিত এই ঘটনা সংঘটিত হবলৈ পালে বুলি স্থানীয় ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে।