NORTHEAST NOW (Assamese)
Popular Stories

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2025 5:54 pm

ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স কেছৰ শুনানিৰ সময়ত নেপালৰ উদ্ধৃতি দি ভাৰতীয় সংবিধানৰ প্ৰশংসা কৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে। গাভাইয়ে কয়, ‘আমি আমাৰ সংবিধানক লৈ গৌৰৱান্বিত। আমাৰ চুবুৰীয়া দেশবোৰলৈ চাওক। নেপালত কি হৈ আছে আমি দেখিছো।’

ন্যায়াধীশ বিক্ৰম নাথেও তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰে। তেওঁ কয় যে বাংলাদেশৰ পৰিস্থিতিও অশান্ত।

উল্লেখ্য যে, নেপালত ধাৰাবাহিকভাৱে চলি থকা হিংসাত্মক প্ৰতিবাদৰ বাবে পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। চৰকাৰে ছচিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বাবেই প্ৰথমে এই প্ৰতিবাদ আৰম্ভ হৈছিল যদিও পিছলৈ দুৰ্নীতি বিৰোধী আন্দোলনলৈ পৰিণত হয়। প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি বহু চৰকাৰী আৰু ব্যক্তিগত অট্টালিকাত অগ্নিসংযোগ কৰে। কেইবাজনো নেতা আৰু চৰকাৰী বিষয়াৰ ঘৰ আৰু কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে সেনাবাহিনীক দেশৰ নিয়ন্ত্ৰণ অৰ্পণ কৰা হয়। ৰাজহুৱা সমাৱেশ আৰু চলাচলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰাপত্তাৰক্ষীয়ে সকলোতে টহল দি আছে।

জেন জিৰ পৰিকল্পনা

ইফালে, সূত্ৰই জনোৱা মতে, অতি সোনকালে জেন জি প্ৰজন্মৰ প্ৰতিবাদকাৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হব। আন্দোলনৰ পৰৱৰ্তী ৰূপৰেখা সেই বৈঠকতে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। এই পৰ্যন্ত বহু লোকৰ মৃত্যু হৈছে। কেইবাজনো আহত হয়। এই বিশৃংখলতাৰ সুযোগ লৈ সংশোধনী কেন্দ্ৰৰ নিৰাপত্তাৰ পৰা বহু লোক পলায়ন কৰিছে। কমেও ১৮খন জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে ৬ হাজাৰৰো অধিক কয়দী।

চৰম বিশৃংখলতাৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি পদৰ পৰাও পদত্যাগ কৰে ৰামচন্দ্ৰ পৌডেলে। খবৰ আহিছে যে অলিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

চুবুৰীয়া দেশৰ এনে পৰিস্থিতিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ এনে মন্তব্যক বহুতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।