NORTHEAST NOW (Assamese)
দেশ

“কংগ্ৰেছে কৰি অহা সকলো ভুলৰ দায়িত্ব ল’বলৈ আমি সাজু!” অপাৰেচন ব্লু ষ্টাৰৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2025 6:00 pm

এজন শিখ ছাত্ৰই ৰাহুল গান্ধীক অপাৰেচন ব্লু ষ্টাৰ আৰু ১৯৮৪ চনৰ শিখ দাঙ্গাৰ বিষয়ে প্ৰশ্ন কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ ইতিহাসত যিবোৰ ভুল হৈছে তাৰ দায়িত্ব লবলৈ মই সাজু।

আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ ৱাটছন ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল এণ্ড পাব্লিক এফেয়াৰ্ছত অনুষ্ঠিত হোৱা এক প্ৰশ্নোত্তৰ অনুষ্ঠানৰ সময়ত তেওঁ এই মন্তব্য কৰে।

কংগ্ৰেছৰ অতীতৰ ভুল স্বীকাৰ কৰি তেওঁ কয় যে মই তেতিয়া দলৰ অংশ নাছিলোঁ, কিন্তু ইয়াৰ দায়িত্ব লবলৈ মই ইচ্ছুক।

১৯৮৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক শিখ দেহৰক্ষীসকলে হত্যা কৰাৰ পিছত সমগ্ৰ দেশতে বিশেষকৈ দিল্লীত শিখসকলৰ বিৰুদ্ধে ব্যাপক হিংসাৰ সৃষ্টি হয়। এই হিংসাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বহু কংগ্ৰেছ নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল, বহু ঠাইত আৰক্ষী নিষ্ক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল। সেই প্ৰসংগত ৰাহুলে কয়, ‘আশীৰ দশকত যি হৈছিল সেয়া ভুল আছিল বুলি বহুবাৰ স্বীকাৰ কৰিছো। মই গল্ডেন টেম্পললৈও বহুবাৰ গৈছো। শিখ সম্প্ৰদায়ৰ সৈতে মোৰ বহুত ভাল সম্পৰ্ক আছে।’

ৰাহুলে লগতে কয়, ‘পূৰ্বতে কংগ্ৰেছে যি বহু ভুল কৰি আহিছে, সেয়া মোৰ সময়ত হোৱা নাছিল। তথাপিও কংগ্ৰেছৰ ইতিহাসত যিবোৰ ভুল হৈছে, তাৰ দায়িত্ব লবলৈ মই সাজু।

উল্লেখ্য যে ১৯৮৪ চনৰ জুন মাহত ভাৰতীয় সেনাই পঞ্জাৱৰ অমৃতসৰৰ গল্ডেন টেম্পলত অপাৰেচন ব্লু ষ্টাৰ আৰম্ভ কৰে। বিচ্ছিন্নতাবাদী নেতা জৰ্নাইল সিং ভীন্দ্ৰনৱালেৰ নেতৃত্বত শিখ যোদ্ধা তাত নিয়োজিত আছিল। সেই অভিযানত এশৰো অধিক লোক নিহত হয় আৰু গল্ডেন টেম্পলৰ ব্যাপক ক্ষতিসাধন হয়। ইয়াৰ পিছত ইন্দিৰা গান্ধীক তেওঁৰ শিখ দেহৰক্ষীসকলে হত্যা কৰে, যাৰ ফলত শিখ বিৰোধী দাঙ্গা আৰম্ভ হয়।