NORTHEAST NOW (Assamese)
Popular Stories

‘যুদ্ধ আমি এতিয়া দুখন কৰি আছো, এখন মানুহৰ স্বাস্থ্য আৰু অৰ্থনৈতিক স্বাস্থ্যৰ যুদ্ধ’; তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 12, 2020 6:27 pm
index

সৰ্বদলীয় বৈঠকৰ অন্তত কংগ্ৰেছ দলৰ হৈ অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘যুদ্ধ আমি এতিয়া দুখন কৰি আছো। এখন মানুহৰ স্বাস্থ্য আৰু অৰ্থনৈতিক স্বাস্থ্যৰ যুদ্ধ।’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘আমি দুই ফালৰ পৰাই যুদ্ধ কৰিব লাগিব। জীয়াই থকাৰ উপায় দুয়োটাই সক্ৰিয় কৰি ৰাখিব লাগিব।’

‘স্বাস্থ্যৰ ক্ষেত্ৰত আৱশ্যকীয় খিনি মজুত আছে। কিন্ত অৰ্থনীতিৰ ক্ষেত্ৰত লৈ আমি শংকিত।’ লগতে তেওঁ কয়।

‘কৃষক অথবা খাটি খোৱা লোক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণৰূপে লকডাউন নহয়, সেয়া কেতিয়াও সম্ভৱ নহয়।’

তেওঁ অভিযোগ কৰি  কয়, ‘নাৰ্চ-চিকিৎসা কৰ্মীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ safety kit নাই। সকলো বেমাৰেই চিৰিয়াছ সেই ক্ষেত্ৰত গুৰুত্ব দিয়াটো দৰকাৰ। সেয়া চৰকাৰে ওলাই কৰা দেখা গৈছে।’ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।