NORTHEAST NOW (Assamese)
অসম

“উত্তৰ-পূব গোলাম নহয়”, কেব বিতৰ্কত গৌৰৱ গগৈ; অ’ৱেইছিয়ে ফালিলে প্ৰতিলিপি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 10:27 pm
We, the northeast, oppose bill cause we are not slaves: Assam MP Gaurav Gogoi in Lok Sabha debate over CAB

অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে লোক সভাত চলিত বিতৰ্কত নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে।

এ আই এম আই এম নেতা আছাছুদ্দিন অ’ৱেইছিয়ে সদনৰ মজিয়াতে বিধেয়কখনৰ প্ৰতিলিপি ফালি পেলাইছে।

সন্ধিয়া প্ৰায় ৮.৩০ বজাত বিতৰ্কত অংশ লৈ গগৈয়ে কয় যে বিধেয়কৰ বিৰোধিতা কৰি অহা উত্তৰ-পূবৰ লোকসকল গোলাম নহয়।

“আমি, উত্তৰ-পূবৰ লোকসকলে বিধেয়কখনৰ বিৰোধিতা কৰিছো কাৰণ আমি গোলাম নহয়,” গগৈয়ে কয়।

এন আৰ চিৰ পৰা বাদ পৰা গোৰ্খাসকলৰ কথাও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

ইফালে হায়দৰাবাদৰ সাংসদ অ’ৱেইছিয়ে বিধেয়কৰ প্ৰতিলিপি ফালি পেলোৱাৰ লগে লগে সদনত ব্যাপক হুলস্থূলৰ সৃষ্টি হয়।

বিধেয়কখনক “হিটলাৰৰ আইন”তকৈয়ো নিকৃষ্ট বুলি অভিহিত কৰি অ’ৱেইছিয়ে কয় এই আইনৰ লক্ষ্য দ্বিতীয় এটা (দেশ) বিভাজন।

“আপোনালোকে মুছলিমক ইমান ঘৃণা কিয় কৰে? আমাৰ অপৰাধ কি?” মুছলিমক “অন্তৰ্ভুক্ত” কৰিব নালাগে বুলি উল্লেখ কৰি সদনত অ’ৱেইছিৰ প্ৰশ্ন।

অ’ৱেইছিৰ চৰকাৰক প্ৰশ্ন, চীনত নিপীড়িত সংখ্যালঘুসকলৰ কথা কিয় বিবেচনা কৰা নহ’ল।

বিতৰ্কত ভাগ লোৱা কংগ্ৰেছে মূলতঃ দুটা বিষয়ত বিধেয়কখনৰ বিৰোধিতা কৰিছে— কেব “বৈষম্যমূলক” আৰু “অসাংবিধানিক”।

বিতৰ্কৰ প্ৰাৰম্ভতে কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে কেবক “অসাংবিধানিক” বুলি অভিহিত কৰাৰ বিপৰীতে দলটোৰ আন এক নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ইয়াক “বৈষম্যমূলক” বুলিছে।

“আমি বিধেয়কখনৰ বিৰোধিতা কৰিছো কাৰণ ই বৈষম্যমূলক।…নিপীড়িত মানুহক নাগৰিকত্ব দিয়াৰ আমি বিৰোধিতা কৰা নাই, ধৰ্মৰ ভিত্তিত দিয়াৰ বিৰোধিতা কৰিছো” চৌধুৰীয়ে কয়।

কংগ্ৰেছকে ধৰি বিজেপি নেতৃত্বাধীন এন ডি এৰ বাহিৰৰ দলসমূহে সাধাৰণতে বিধেয়কখনৰ বিৰোধিতা কৰিছে।

আছুক বিধেয়খনৰ বিৰোধিতাৰ আশ্বাস দিয়া জে দি (ইউ)এ ওলোটা খৰ মাৰিছে। বিজেপি মিত্ৰ, বিহাৰৰ শাসক দলটোৰ সাংসদ ৰাজীৱ ৰঞ্জন সিঙে বিধেয়কলৈ দলৰ পূৰ্ণ সমৰ্থন ঘোষণা কৰিছে।

আনহাতে, বিজেপিৰ সদ্যবিচ্ছেদিত মিত্ৰ, আন হিন্দুত্ববাদী দল শিৱসেনাই বিধেয়কখনক লৈ আশংকা প্ৰকাশ কৰিছে।

শিৱসেনা সাংসদ বিনায়ক ৰাউতে প্ৰশ্ন কৰে, বিদেশীসকলক নাগৰিকত্ব দিয়াৰ ফলত দেশৰ অৰ্থনীতিত কিমান বোজা পৰিব?

তদুপৰি কোন ৰাজ্যই এই নতুন নাগৰিকসকলৰ ভাৰ ল’ব বুলিও শিৱসেনাই প্ৰশ্ন কৰিছে।

আফগানিস্তানৰ সংখ্যালঘুলৈ নাগৰিকত্ব আগবঢ়োৱাৰ বিপৰীতে শ্ৰীলংকাৰ পৰা পলাই আহি ভাৰতত আশ্ৰয় লৈ থকা তামিলসকলক সেই সুবিধা কিয় দিব নোৱাৰি বুলিও তেওঁ প্ৰশ্ন কৰে।

তৃণমূল কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা কৰিছে আৰু ইয়াক “অসাংবিধানিক” বুলিছে। “কেব আৰু এন আৰ চিক একেলগে চোৱা উচিত,” দলটোৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয়।

চি পি আই (এম)এ বিধেয়কৰ বিৰোধিতা কৰিছে। দলটোৰ সাংসদ মহম্মদ চালিমে কয় বিধেয়কখনৰ লক্ষ্য নাগৰিকত্ব দিয়া নহয়, বৰঞ্চ মানুহক বিভাজিত কৰা।

তেলেংগানা ৰাজ্য সমিতি, এন চি পি, বি এচ পি আৰু সমাজবাদী পাৰ্টিয়ে বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে।

ডি এম কেই বিধেয়কৰ বিৰোধিতা কৰিছে। সাংসদ দয়ানিধি মৰানৰ প্ৰশ্ন, কিয় কেৱল উত্তৰ ভাৰত চুবুৰীয়া দেশৰ শৰণাৰ্থীকহে নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে।

প্ৰতি বছৰে শ্ৰীলংকাৰ পৰা বহুতো তামিল শৰণাৰ্থী ভাৰতলৈ অহাৰ কথা উল্লেখ কৰি সেইসকলৰ লগতে নাস্তিকৰ নাগৰিকত্বৰ কি হ’ব বুলিও তেওঁ প্ৰশ্ন কৰে।

বিজেপি মিত্ৰ বি জে দি, এ আই ডি এম কে, শিৰোমনি আকালি দল আৰু ৱাই এচ আৰ কংগ্ৰেছে কেব সমৰ্থন কৰিছে।

শিৰোমনি আকালি দলে পাকিস্তানৰ নিপীড়িত মুছলিমসকলৰ কথাও বিবেচনা কৰাৰ কথা কৈছে।

“এনে কৰিলে এটা ধনাত্মক বাৰ্তাও যাব,” দলটোৰ সভাপতি সুখবীৰ সিং বাদলে কয়।

বাতৰি লিখাৰ পৰলৈকে বিতৰ্ক চলি আছে। বিধেয়কখনক লৈ উত্থাপিত প্ৰশ্ন আৰুআপত্তি সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ দিয়া আৰম্ভ কৰিছে।