NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনত নাগৰিকত্ব বিধেয়কক গুৰুত্ব নিদিয়ে ৰাইজে: ৰাজ্যিক বিজেপি মুখপাত্ৰ

Posted by: কল্পজ্যোতি শইকীয়া November 23, 2018 11:10 pm
swapnanil Baruah

‘দুৰ্নীতিমুক্ত’ পঞ্চায়তৰ মূল মন্ত্ৰৰে নিৰ্বাচন জিকাৰ আশা কৰিছে বিজেপিয়ে। বিৰোধী কংগ্ৰেছ অথবা অন্য দল-সংগঠনে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ চলালেও তাৰ একো প্ৰভাৱ নপৰে বুলি শুকুৰবাৰে সংবাদমেলযোগে দাবী কৰে ৰাজ্যিক বিজেপি মুখপাত্ৰ স্বপ্ননীল বৰুৱাই।

‘‘মানুহে নাগৰিকত্ব বিধেয়কৰ কথাত গুৰুত্ব নিদিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত। মানুহে গ্ৰাম্য উন্নয়ন তথা দুৰ্নীতিমুক্ত পঞ্চায়তৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব,’‘ এই দাবী মুখপাত্ৰ বৰুৱাৰ।

বিগত দুসপ্তাহত ১০ দিনেই সংবাদমেল পাতি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলে কেন্দ্ৰীয় চৰকাৰৰ চমক সৃষ্টিকাৰী আঁচনিৰ উদ্ধৃতিৰে জনসাধাৰণৰ কাষ চপাৰ চেষ্টা চলাই আহিছে। সেই একেই পথেৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ প্ৰতিশ্ৰুতি দোহাৰিছে ৰাজ্যিক বিজেপি মুখপাত্ৰ স্বপ্ননীল বৰুৱাই।

শনিবাৰৰ সংবাদমেলত একো বিশেষ কথা নকৈ ইস্তাহাৰখনকেই আওৰালে মুখপাত্ৰজনে।

‘নিৰ্বাচনী ইস্তাহাৰ’খন পঢ়িলেই জনসাধাৰণে গম পাব পৰা কথাকেইটাকে আওৰাই বিজেপি দলে কি বুজাব খুজিছে বুলি সংবাদমেলৰ পিছতে প্ৰশ্ন কৰিছে সচেতন মহলে।