NORTHEAST NOW (Assamese)
অসম

CAB কোনো পৰিস্থিতিতে আমি মানি নলও : আছু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 8:19 am
Samujjal-Bhattacharya2

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেব কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মঙলবাৰে পুনৰ এবাৰ স্পষ্টভাৱে গৃহ মন্ত্ৰী অমিত শ্বাহক জনাই দিয়ে সদৌ অসম ছাত্ৰ সন্থাই।

‘অসম চুক্তিক উলংঘা কৰা বিধেয়কখন কোনো কাৰণতে অসমবাসীয়ে মানি নলয় বুলি আমি গৃহ মন্ত্ৰীক জনাই দিছো’, গৃহ মন্ত্ৰীৰে বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথা-বতৰাত এনেদৰে কয় আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

সাংবাদিকৰ সন্মুখত ভট্টাচাৰ্যই অতি ক্ষোভেৰে কয় যে বিজেপিয়ে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি তেওঁলোকে ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে।

‘অসম চুক্তিক লৈ কোনো কথা-বতৰা নাই… তেওঁলোকে কেৱল বিধেয়কখনহে গৃহীত কৰিব বিচাৰে’, ভট্টাচাৰ্যই এইদৰে কয়।

ইয়াৰ উপৰি তেওঁ অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ বাবে আন্দোলনৰ বাহিৰে আন কোনো বিকল্প নাই বুলিও মন্তব্য কৰে।

ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, ‘কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেই বিজেপিয়ে কেব গৃহীত কৰিব ওলাইছে’।

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠকত আছুৰ উপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ নেতৃত্ব উপস্থিত আছিল।

এই বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।