NORTHEAST NOW (Assamese)
অসম

ধেমাজীত অসম আৰক্ষীৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত, দুজন আহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 3, 2021 5:51 pm
ধেমাজীত অসম আৰক্ষীৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত, দুজন আহত

ধেমাজীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অসম আৰক্ষীৰ বেটেলিয়নৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক এখন আজি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত দুজন বেটেলিয়ন জোৱান গুৰুতৰ ভাবে আহত হয়।

দুৰ্ঘটনাৰ ফলত বেটেলিয়ন জোৱানৰ বাবে কঢ়িয়াই অনা বহু অস্ত্ৰও নষ্ট হোৱাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে ঢকুৱাখনাৰ পৰা লিকাবালিলৈ গৈ থকা অৱস্থাতে ট্ৰাক খন দুৰ্ঘটনাত পতিত হয়।

ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিং ভাঙি তললৈ পৰি যায়।

ট্ৰাক খনত বেটেলিয়নৰ বুলেটপ্ৰুফ জেকেটৰ লগতে বন্দুক,গুলী আদি আছিল বুলি জানিব পৰা গৈছে। সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে।