NORTHEAST NOW (Assamese)
Popular Stories

৫০ ডিগ্ৰী! ৭২ ঘণ্টাত হিটষ্ট্ৰকত ২৫ জনে প্ৰাণ হেৰুৱালে ৰাজস্থানত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2024 11:19 am

তীব্ৰ গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰিছে দেশৰ অধিকাংশ অঞ্চল! বিগত এসপ্তাহ ধৰি ৰাজস্থানকে ধৰি বহুকেইখন ৰাজ্যত পাৰাস্তম্ভ বৃদ্ধি পাইছে।

শনিবাৰে ৰাজস্থানত পাৰাস্তম্ভই ৫০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰে। যোৱা ২৪ ঘন্টাত হিটষ্ট্ৰকত ৬ জন আৰু যোৱা ৭২ ঘণ্টাত প্ৰচণ্ড গৰমৰ বাবে ২৫ জন লোকৰ মৃত্যু হয়। স্বাভাৱিকতে গৰমৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে জনসাধাৰণ আতংকিত হৈ পৰে।

ৰাজস্থানৰ ১৩খন জিলাত অহা সোমবাৰলৈকে প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে। আলৱাৰ, বৰাণ, কোটা, বৰমেৰ, বিকানেৰ, জালৌৰ, চুৰু, হনুমানগড়, যোধপুৰ, পালি, নগৌৰ, শ্ৰীগংগনগৰ আৰু জয়ছলমেৰ। দিনটোত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিয়ে বতৰ বিশেষজ্ঞসকলে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৯ ​​মে’ত ৰাজস্থানৰ তাপমাত্ৰা ৫১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল।পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পৰা গুজৰাট, মধ্যপ্ৰদেশকে ধৰি উত্তৰ-পূব ভাৰতৰ কেইবাখনো ৰাজ্য গৰমৰ ঢৌত জ্বলি আছে। মধ্যপ্ৰদেশৰ কিছু অংশ যেনে খাৰগুন, ৰাতলাম, ৰাজগড় আৰু খাণ্ডৱাত সৰ্বোচ্চ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে। দিল্লীৰ তাপমাত্ৰা ৪৬.৮ ডিগ্ৰী। বৰ্তমান অসমৰ গুৱাহাটীকে ধৰি প্ৰায়সংখ্যক অঞ্চল গৰমত জ্বলি আছে।

আনকি মে’ মাহৰ তৃতীয় সপ্তাহতো বতৰৰ পৰিৱৰ্তনক এনে গৰমৰ বাবে দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। অহা মঙলবাৰৰ পূৰ্বে উত্তৰ-পূব ভাৰততগৰম কমি যোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।