NORTHEAST NOW (Assamese)
অসম

খিৰিকি খুলি ৰাখিলেই গুচি যায় কৰ’না ভাইৰাছ; মমতা বেনাৰ্জীৰ পৰামৰ্শক কটাক্ষ বিৰোধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 8:55 pm
WhatsApp Image 2020-07-09 at 8.16.22 PM

খিৰিকি খুলি ৰাখিলে ভাইৰাছ গুচি যায়। পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বহুকেইবাৰ এই কথা প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে বুধবাৰেও এখন সভাত খিৰিকি খুলি ৰখাৰ পৰামৰ্শ দিয়ে।

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে মুখ্য মন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

মমতা বেনাৰ্জীক ‘এপিডেমিওলজিষ্ট’ বুলি কটাক্ষ কৰি বিজেপিৰ আই টি চেলে টুইট কৰে।

ৰাজ্যখনত শেহতীয়াকৈ কৰ’না সংক্ৰমণৰ সংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে। ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া ৫বজাৰ পৰা লকডাউন নিয়ম বলবৎ হৈছে।

বুধবাৰে ৰাজ্যখনৰ কৰ’না পৰিস্থিতিক লৈ চিকিৎসকসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত কৰিছিল।

এই সভাখনৰ পাছতো মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলোকে দুৱাৰ-খিৰিকি খুলি ৰখাৰ পৰামৰ্শ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয়,’’দুৱাৰ-খিৰিকি খুলি ৰাখিলে ভাইৰাছ গুচি যায়। সেয়েহে, প্ৰত্যেকেই দুৱাৰ-খিৰিকি খুলি ৰাখক। হাস্পাতলত এ চিৰ ব্যৱস্থা থাকিলেও এক নিৰ্দিষ্ট সময়ত খিৰিকি খুলি খুলিব লাগিব।‘’

তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁ গাড়ীৰ গ্লাছ খুলি যাতায়ত কৰে।

ইপিনে, বিজেপিয়ে এই পৰামৰ্শক কটাক্ষ কৰি টুইট কৰি প্ৰশ্ন কৰে,’’খিৰিকি খুলিলেই যদি ভাইৰাছ গুচি যায় তেতিয়াহ’লে ভেকচিনৰ সন্ধান কৰাৰ প্ৰয়োজন ক’ত?’’

মুখ্য মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক একাংশই সমৰ্থন কৰাও দেখা গৈছে যদিও বিৰোধী  বিজেপিয়ে ইয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে।