NORTHEAST NOW (Assamese)
অসম

সেনা জোৱানৰ দেহতো ধৰা পৰিল ক’ৰ’না ভাইৰাছ; পশ্চিম বংগত এজন যুৱক আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 8:30 am
Army

প্ৰতিদিনে ন ন ঠাইলৈ সংক্ৰমণ ঘটিবলৈ আৰম্ভ কৰিছে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছ। এই পৰ্যন্ত ভাৰতত ১৪০ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ভাইৰাছবিধৰ অৱস্থিতি।

দিল্লীৰ পৰা কেৰালালৈকে আতংকৰ সৃষ্টি কৰাৰ পিছত এইবাৰ পশ্চিম বংগত ধৰা পৰিছে এই ভাইৰাছ। ৰাজ্যখনৰ ক’লকাতাত এজন ১৮ বছৰীয়া যুৱক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

ক’ৰ’নাত আক্ৰান্ত যুৱকজন লণ্ডনৰ পৰা আহিছিল। তেওঁক বালীঘাটৰ আই ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১৫ মাৰ্চত বৃটেইনৰ পৰা ঘূৰি অহা যুৱকজনৰ মাক-দেউতাক আৰু চালকজনকো বৰ্তমান আছুতীয়াকৈ ৰাখি নিৰীক্ষণত ৰখা হৈছে। এই সকলোবোৰ কথা জনাইছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই।

ৰাজ্যখনত ক’ৰ’না ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈও বিষয়াজনে আহ্বান জনায়।

আনহাতে ভাৰতীয় সেনাৰ এজন জোৱানৰ দেহতো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমানলৈকে সাধাৰণ জনতাহে ভাইৰাছবিধৰ কৱলত পৰিছিল কিন্তু লাডাখত প্ৰথমগৰাকী সেনা জোৱানৰ শৰীৰত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰাত এতিয়া শংকিত হৈ পৰিছে প্ৰতিৰক্ষা বিভাগ।

জোৱানজনৰ বিষয়ে অধিক তথ্য জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ ইৰাণৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।