NORTHEAST NOW (Assamese)

সমৰ্থকে বেৰি ৰখা অৱস্থাতে মুখা পৰিহিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বিজেপি নেতাক

October 5, 2020 8:44 am · এন ই নাও নিউজ
Updated: October 5, 2020 12:28 pm

শ শ  সমৰ্থকে বেৰি ৰখাৰ মাজতে পশ্চিমবংগত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই নিধন কৰিলে এজন বিজেপি নেতাক।

যোৱা নিশা প্ৰায় ৮ বজাত পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ তিতাগড়ৰ বি টি ৰোডত মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে বিজেপি নেতা মনীষ শুক্লাক গুলীয়াই হত্যা কৰে।

মুখা পৰিহিত দুৰ্বৃত্তই নিচেই কাষৰে পৰা শুক্লাক গুলীয়াই ঘটনাস্থলীৰ পৰা উধাও হয়।

গুৰুতৰ ভাবে আহত বিজেপি নেতা জনক ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

নিহত বিজেপি নেতা গৰাকী তিতাগড় পৌৰসভাৰ কাউন্সিলৰ আছিল।

তিতাগড়ত বিজেপিক গতিশীল কৰি তোলাত শুক্লাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

বিজেপি নেতা জনৰ হত্যাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ পশ্চিম বংগতে তীব্ৰ উত্তেজনা বিয়পি পৰিছে।

নেতা জনৰ হত্যাৰ প্ৰতিবাদত আজি বিজেপিয়ে বাৰাকপুৰ লোকসভা সমষ্টিত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।

ইপিনে এই হত্যাকাণ্ডকলৈ পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধানকাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কৈফিয়ৎ তলব কৰিছে।

এই হত্যাৰ আঁৰত তৃণমূল কংগ্ৰেছৰ হাত থকা বুলি বিজেপিয়ে অভিযোগ কৰিছে।

Related News