NORTHEAST NOW (Assamese)
Popular Stories

‘ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সৰ বাবে উত্তৰ পূৱত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা’ : দিল্লী বতৰ বিজ্ঞান কেন্দ্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 2:36 pm
FB-39

দেশৰ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সৰ(ডব্লুিউ ডি) প্ৰভাৱৰ কাৰণে ১৪ মে’ৰ পৰা দেশৰ উত্তৰ আৰু পূৱ অঞ্চলত আগন্তুক কিছুদিন প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাত বিক্ষিপ্তভাৱে বজ্ৰপাত হোৱাৰো সম্ভাৱনা আছে।

বুধবাৰে এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে দিল্লীস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(IMD)।

“আগন্তুক কিছুদিনৰ বাবে অসম আৰু মেঘালয়ৰ বিস্তৃণ অঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱা সম্ভাৱনা আছে।” IMDএ বতৰ বুলেটিনত এইদৰে লিখিছে।

আনহাতে ১৪ মে’ৰ পৰা জন্মু আৰু কাশ্মীৰ, লাডাখ, গিলগিত বালতিস্তান, হিমাচল প্ৰদেশ বিভিন্ন অঞ্চল বাদ দি অন্য ঠাইত শিলাবৃষ্টি, বজ্ৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে IMDএ।

“পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টিৰ লগতে প্ৰৱল ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে।” বুলেটিনত IMDৰ উপদেষ্টাই লিখিছে।

বতাহৰ গতিৰ সমান্তৰালভাৱে আংশিকভাৱে দক্ষিণ-পূৱ বঙ্গোপসাগৰ, সংলগ্ন ভাৰত মহাসাগৰ আৰু দক্ষিণ আন্দমান সাগৰৰ ওপৰেদি প্ৰতি ঘণ্টাত সম্ভৱতঃ ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত বতাহ বলাৰো সম্ভাৱা বেকট কৰিছে IMDএ।

IMDএ উক্ত সাগৰীয় অঞ্চলত ১৪ মে’ৰ পৰা কিছুদিন মাছমৰীয়াক প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।