NORTHEAST NOW (Assamese)

Dream at night: সপোন! ৰাতি শোৱাৰ সময়ত কিছু সপোন ভাল বা বেয়া হয়, এই ক্ষেত্ৰত ফেংছুইয়ে কি কয় জানো আহক

September 12, 2022 2:31 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

Dream at night বহুতেই কয় সপোনত দেখা বহু কথাই ফলিয়ায়। সপোনত দেখা বহু ঘটনাৰেই ইতিবাচক অথবা নেতিবাচক প্ৰভাৱ থকাৰ কথা ফেংছুইয়েও কৈ আহিছে।

ফেংছুইৰ বিধান অনুসৰি সপোনত কিছুমান বস্তু দেখিলে সপোন দেখা জনৰ মংগল হয় যদিও কিছুমান দৃশ্যই অমংগলৰ বাৰ্তাও বহন কৰিব পাৰে।

তাৰেই কিছু কথা জানি লওঁ আহক:-

সপোনত ভেকুলী দেখিলে:- সপোনত ভেকুলী দেখাতো অতি উত্তম ফলদায়ক কথা। ভেকুলীয়ে সদায় শুভ ফলকেই প্রতিফলিত কৰে। ফেংছুইত সেইবাবে ভেকুলী, ড্রেগন আদি প্রাণীসমূহক শুভ ফলদায়ক প্রাণী হিচাপে গণ্য কৰি অহা হৈছে।

সপোনত যদি আপুনি ভেকুলী দেখে তেন্তে আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটিব। কেৱল ভেকুলীয়েই নহয়, সপোনত ৰঙা বাদুলী দেখিলেও একে ফলেই পোৱা যায়।

সপোনত যদি সেউজীয়া ভেকুলী দেখে তেন্তে সেয়া অতি ভাল কথা বুলি ফেংছুইয়ে বিবেচনা কৰি আহিছে।

সপোনত পর্বত দেখিলে:- ফেংছুইৰ মতে সপোনত পৰ্বত-পাহাৰ আদি দেখাটো শুভ ফলদায়ক কথা। পৰ্বত- পাহাৰে সদায় ইতিবাচক কথাকেই প্রতিফলিত কৰে।

পৰ্বত-পাহাৰ বগোৱা দেখা লোকজনৰ নতুন কামৰ সংযোগ ঘটে। তেনে লোকে পূৰ্বৰে পৰা কৰি থকা কামটোত উন্নতি লাভ কৰিবলৈ সক্ষম হয়। সেয়ে পর্বত দেখাটো ফেংছুইৰ মতে ইতিবাচক কথা।

সপোনত হত্যাৰ দৃশ্য দেখিলে:- সপোনত হত্যাৰ দৃশ্য দেখাৰ কথাটোক ফেংছুইয়ে ইতিবাচকভাবে গ্ৰহণ কৰাৰ পৰামৰ্শ দি আহিছে। হত্যাকাণ্ডৰ দৃশ্য দেখা লোকজনে মনটো বেয়া কৰিব নালাগে।

ইয়াৰ বিপৰীতে তেনে লোকৰ মনত যিবোৰ নেতিবাচক চিন্তাই ক্ৰিয়া কৰি আছে তেনে চিন্তাসমূহ মনৰ পৰা একেবাৰে উলিয়াই দিব লাগে।

ফেংছুইৰ মতে সপোনত হত্যাৰ দৃশ্য দেখাৰ অৰ্থ হ’ল মনৰ পৰা নেতিবাচক চিন্তাবোৰক উলিয়াই দিয়া অর্থাৎ তেনে চিন্তাক হত্যা কৰা।

সপোনত সাপ দেখিলে:- সপোনত সাপ দেখিলে বৰ এটা ইতিবাচক কথা নহয়। সাপ দেখিলে বাস্তৱ জীৱনত বিপদ হোৱাৰ আশংকা থাকে। সপোনত যদি সাপ মৰা দেখা হয় অথবা কোনো দুৰ্ঘটনাত সাপ মৰি যোৱা দেখে তেন্তে সেয়া ভাল কথা নহয়।

সপোনত সাপ দেখিলে সেয়ে বাস্তৱ জীৱনত যাতে কোনো দুর্ঘটনা অথবা আন অপায়-অমংগল নহয় সেই বিষয়ত সতৰ্ক হৈ থাকিব লাগে।

সপোনত হাই-কাজিয়া দেখিলে:- সপোনত হাই-কাজিয়া দেখাটো বৰ এটা ভাল কথা নহয়। এনে সপোনে সপোন দেখাজনৰ মনত নেতিবাচক ক্ৰিয়াৰ সৃষ্টি কৰে। হাই-কাজিয়া দেখিলে সেয়ে সদায় আনৰ সৈতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বিষয়ত সজাগ হ’ব লাগে।

Related News