NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সন্দৰ্ভত Googleৰ তথ্য; কি নাম দুগৰাকী সন্তানৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 2:45 pm
Paresh-Baruah-Image

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিষয়ে সকলোৱে জানে। পিচে, তেওঁৰ ব্যক্তিগত জীৱনৰ তথ্য সমূহ বহুতেই নাজানে বা কম বেছি পৰিমানে জানে।

কিন্তু গুগলত পৰেশ বৰুৱা চাৰ্চ কৰিলে উইকিপিডিয়াই পৰেশ বৰুৱাৰ যিখিনি তথ্য দাঙি ধৰে সেয়া কিমান সঁচা?

গুগলে আনকি পৰেশ বৰুৱাৰ দুগৰাকী সন্তানৰ পৰিচয়ো দাঙি ধৰিছে।

গুগলে ইয়াৰ পেজত পৰেশ বৰুৱা সম্পৰ্কত দাঙি ধৰা তথ্যসমূহ হৈছে এনে ধৰণৰঃ-

পৰেশ বৰুৱা, ওৰফে আলফাত পৰেশ অসম হিচাপে পৰিচিত, যিয়ে ভাৰত ৰাষ্ট্ৰপ পৰা অসমৰ স্বাধীনতা বিচাৰিছে। তেওঁ সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীনৰ উপ-সভাপতি আৰু কমাণ্ডাৰ ইন চীফ।

উইকিপিডিয়া-

জন্মঃ ১মে’ ১৯৫৬(বয়স ৬৪বছৰ), চাবুৱা

পত্নীঃ ববী ভূঞা বৰুৱা

অপৰাধ সম্পৰ্ক স্থিতিঃ পলাতক

আত্মীয়ঃ অনুপ চেতিয়া, প্ৰদীপ বৰুৱা,দিনেশ বৰুৱা, বিমল বৰুৱা, বিকুল বৰুৱা, হীৰাৱতী বৰুৱা চেতিয়া

সংগঠন প্ৰতিষ্ঠাঃ সংযুক্ত মুক্তি বাহিনী অসম

সন্তানঃ তহচিম খান, আকাশ খান

এই তথ্যসমূহে আলফা স্বাধীনৰ পৰেশ বৰুৱা ওৰফে পৰেশ অসমৰ বিষয়ে অৱশ্যে কিছু নতুন কথা দাঙি ধৰিছে।

আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীৰ এই তথ্যখিনি এতিয়ালৈকে অৱশ্যে সংগঠনটোৱে ক’তো অস্বীকাৰ কৰা দেখা যোৱা নাই।