NORTHEAST NOW (Assamese)
অসম

CAA-ৰ শুনানিৰ সময়ত কি কি ক’লে উচ্চতম ন্যায়ালয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2020 1:56 pm
SC not expressing any view if "access to Internet'' a fundamental right

একতৰফা স্থগনাদেশ দিব নোৱাৰি

কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিয়াৰ বাবে সময় নিদিয়াকৈ আইনখনৰ বিৰুদ্ধে একতৰফা স্থগনাদেশ দিব নোৱাৰি বুলি মন্তব্য কৰে ন্যায়ালয়ে।

পাঁচজনীয়া বিচাৰপীঠেহে অন্তৱৰ্তীকালীন স্থগনাদেশ দিব পাৰে, তিনিজনীয়া বিচাৰপীঠে নোৱাৰে বুলিও মন্তব্য কৰে মুখ্য ন্যায়াধীশ বোবডে।

ত্ৰিপুৰা আৰু অসমৰ সমস্যাৰ মৌলিকতা স্বীকাৰ

আইনখনৰ বাবে ত্ৰিপুৰা আৰু অসমে সন্মুখীন হোৱা সমস্যাৰ মৌলিকতা পৰোক্ষে স্বীকাৰ কৰি ন্যায়ালয়ে ৰাজ্য দুখনৰ পৰা দাখিল হোৱা আবেদনবোৰৰ শুনানি পৃথকভাৱে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছে। এই আৱেদনবোৰৰ সন্দৰ্ভত উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক ২ সপ্তাহৰ সময় দিছে ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ত এই সম্পৰ্কীয় আৱেদনৰ শুনানিত বাধা

উচ্চতম ন্যায়ালয়ে CAA সম্পৰ্কত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত হৈ থকা শুনানিত বাধা আৰোপ কৰিছে। উচ্চতম ন্যায়ালয়ত বিষয়টো নিষ্পত্তি নোহোৱালৈকে উচ্চ ন্যায়ালয়সমূহত এই সম্পৰ্কীয় কোনো শুনানি গ্ৰহণ কৰা নহ’ব।

১৪৪খন আৱেদনৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

আজি মুঠ ১৪৪খন আৱেদনৰ শুনানি হয়। দাখিল হোৱা এই আৱেদনবোৰৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

আদালতত হোৱা ভিৰক লৈ উদ্বেগ প্ৰকাশ

আজি শুনানিৰ সময়ত আদালতত হোৱা ভিৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশ ববডেই। জানিব পৰামতে, মুঠ ১৪৮টা পক্ষৰ প্ৰায়সকলেই আজি শুনানিত উপস্থিত আছিল আৰু ক’ৰ্টৰুমত ভিৰ দেখা গৈছিল। হুলস্থূলৰ বাবে শুনানিত অসুবিধা হোৱা বুলি ববডেই মন্তব্য কৰে।