NORTHEAST NOW (Assamese)
প্ৰাসংগিক প্ৰশ্ন

হিমন্ত বিশ্বই ঠাৰে-চিঞৰে যি কয়, বিজেপিৰ অন্ধ ভক্ত আৰু গোদী মিডিয়াই তাকে জপে!

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ February 20, 2026 9:30 pm

ভূপেন বৰা এজন ব্যক্তি নহয়, ভূপেন বৰা এটা প্ৰজাতি। এই প্ৰজাতিটোৱে এতিয়া ৰাজনীতি ছানি ধৰিছে। সেয়ে, ভূপেন বৰাক এজন ব্যক্তি হিচাপে মৰ্যাদা দি আপোনালোকে ব্যক্তিস্বাতন্ত্ৰ্যৰ ধাৰণাটোক অপমান নকৰিব। ব্যক্তিত্বৰ মৰ্যাদা কাৰ থাকে? যাৰ এক নিজস্ব ব্যক্তিত্ব থাকে, এক মৰ্যাদা থাকে, এক স্বকীয়তা থাকে। ভূপেন বৰাৰ যে কোনো ব্যক্তিত্ব নাই, কোনো মৰ্যাদা নাইতাৰ কি প্ৰমাণ লাগে?

কি আচৰিত কথা, এই ভূপেন বৰাই এদিন কংগ্ৰেছৰ হৈ ৰাজপথত আন্দোলন কৰিছিল! বিজেপিৰ বিৰুদ্ধে তেওঁ কি কি কোৱা নাছিল? মানুহে ইমান নিখুঁতভাৱে অভিনয় কৰিব পাৰে ভাবিলে আচৰিত লাগে। এৰা, নৰেন্দ্ৰ মোদীয়েই একমাত্ৰ ৰাজনৈতিক ভাৱৰীয়া নহয়; ভূপেন বৰাহঁতো বৰ পিছপৰি থকা ভকত নহয়। এই প্ৰজাতিটোৱে ৰাজনীতি কিয় কৰে, সেই কথাটো এবাৰ বুৰ্বকৰ দৰে কৈছিল ভুবনেশ্বৰ কলিতাই। তেতিয়া তেওঁ কংগ্ৰেছতে আছিল। তৰুণ গগৈ থকা সময়ত, এবাৰ নিৰ্বাচনৰ আগৰ কথাতেওঁ মুখ্যমন্ত্ৰীৰ দাবীদাৰ নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “আকাংক্ষা সকলোৰে থাকে। মইতো আৰু সমাজসেৱা কৰিবলৈ ৰাজনীতি কৰা নাই।

গতিকে এওঁলোকে, অৰ্থাৎ এই প্ৰজাতিটোৱে ৰাইজৰ বাবে ৰাজনীতি নকৰে; নিজৰ বাবেহে কৰে। এতিয়া আহিল তাৰ পিছৰ প্ৰশ্নটোতেন্তে এনে এজন মানুহক কংগ্ৰেছে কিয় অসমত দলটোৰ নেতৃত্ব দিছিল? বা তেওঁ দল ত্যাগ কৰাৰ আগমুহূৰ্তলৈকে কিয় তেওঁক বিৰোধী দলবোৰৰ লগত আসনৰ ভাগ-বাটোৱাৰাৰ কথা পতাৰ দায়িত্ব দিছিল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এশ চল্লিছ বছৰীয়া পাৰ্টিটোৰ কি দশা হৈছে চাওক! কংগ্ৰেছে পদত্যাগৰ আগমুহূৰ্তলৈকে এনে এজন ব্যক্তিক ইমান গুৰু দায়িত্ব দিয়াটো কিমান পুতৌজনক কথা! এইটোৱেই প্ৰমাণ কৰে যে আজিৰ ৰাজনীতি কি পৰ্যায় পাইছেগৈ।

কংগ্ৰেছৰ এই দশা হ, কিন্তু বিজেপিৰ কি দশা? ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। কিন্তু ভূপেন বৰাক বিজেপিত লোৱা হব নে নহ, সেই বিষয়ে অসম বিজেপিয়ে সামূহিকভাৱে কিবা সিদ্ধান্ত লোৱা বা আলোচনা কৰা আপোনালোকে দেখিছেনে? অসম বিজেপিৰ সভাপতিয়ে এই বিষয়ে কিবা কোৱা আপোনালোকে শুনিছেনে? নাই। পাৰ্টি বোলা কথা বা সামূহিক সিদ্ধান্ত বোলা কথাএকোৰে প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মাই যি কৰিব, সিয়েই পাৰ্টিৰ সিদ্ধান্ত। সেইটোৱেই সামূহিক সিদ্ধান্ত। পাৰ্টিৰ কোনো কথা নাই। দুদিন আগলৈকে হিমন্ত বিশ্বই ভূপেন বৰা সম্পৰ্কে যি পায় তাকে কৈছিলতাৰ ধ্ৰুপদী উদাহৰণ এয়া। আৰু কিমান আছে তেনে উদাহৰণ! বাকীসকলেও তাকেই আওৰাইছিল। এতিয়া তেওঁলোক সকলোৰে সুৰ সলনি হল। হায় ৰে ব্যক্তিৰ মৰ্যাদা!

গতিকে প্ৰজাতি একেটাই। ভূপেন বৰাৰ পদত্যাগে কেৱল কংগ্ৰেছকে পুতৌৰ পাত্ৰ কৰা নাই, বিজেপিক কংগ্ৰেছতকৈ বেছিহে পুতৌৰ পাত্ৰ কৰিছে। গতিকে কংগ্ৰেছক হাঁহি লাভ নাই। ভূপেন বৰাই কংগ্ৰেছক নহয়, বিজেপিকহে ফঁফৌৱাইছে। তাতেই নিৰ্লজ্জ এচামে সেইটোক নিজৰ কীৰ্তি বুলি অট্টহাস্য কৰিছে।

এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰেতেনেহলে কিয় বহুতেই কংগ্ৰেছক বিজেপিৰ বিকল্প বলে কয়? নিৰ্বাচনী ৰাজনীতিত তাৰ কি বিকল্প আছে? নিৰ্বাচনী ৰাজনীতি বহু কথাৰ সমাহাৰ। তাত মূল্যবোধৰ প্ৰশ্নটো নাই তেনে নহয়, কিন্তু প্ৰকৃত ৰাজনীতিৰ লগত যে তাৰ সম্পৰ্ক নাই সেইটোও নহয়। বিজেপিক পৰাভূত কৰিবলৈ তৃণ-কুটা এডালৰ সমৰ্থনো লোৱা উচিত। সেয়ে বিজেপি বিৰোধী ঐক্যই মূল কথা। এই ঐক্যৰ মূল নীতিয়েই হল এৰা-ধৰাৰ ৰাজনীতি। সেইকাৰণেই নিশকতীয়া হলেও, দুৰ্বল হলেও কংগ্ৰেছ আৰু বিৰোধীৰ বিকল্প একো নাই।

আৰু এটা কথা মনলৈ আহিছেসেইটো হল টিআৰপি (TRP) খোৱা সাংবাদিক আৰু সম্পাদকৰ কথা। হয়, কুকুৰে মানুহক কামোৰাটো খবৰ নহয়; মানুহে কুকুৰক কামোৰাটোহে খবৰ। ভূপেন বৰা কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো খবৰ নহব কিয়? ব। কিন্তু তাকে কুঁহিয়াৰ পেৰাৰ দৰে চেপি থকাৰ কি অৰ্থ? তাক লৈ কিহৰ ইমান ৰৌজাল-বৌজাল? মুখ্যমন্ত্ৰী যাব ভূপেন বৰাৰ ঘৰলৈ, সাংবাদিকে বোন্দাপৰ দিছেঠিক আছে; কিন্তু সম্পাদকেও যে বোন্দাপৰ দিবলৈ গৈছে, দৃশ্যটো বৰ আপচু লাগিছিল। ভূপেন বৰাৰ পদত্যাগৰ খবৰটো নিশ্চয় এটা খবৰ, কিন্তু তাকে ৰেপি ৰেপি থকাটো আৰু ঘৰে ঘৰে মাতি নি তেওঁৰ দীঘলীয়া সাক্ষাৎকাৰ লোৱাটো কি ধৰণৰ সাংবাদিকতা? সেইটোকে উদযাপন কৰি বিজেপিৰ অপকৰ্মবোৰ দেখা নোপোৱাটো কি ধৰণৰ সাংবাদিকতা? আচলতে গোটেই ঘটনাটোৰ পৰিচালক হল হিমন্ত বিশ্ব। এইখন হল হিমন্ত বিশ্বৰ চিনেমা। হিমন্ত বিশ্বই ঠাৰে-চিঞৰে যি কয়, বিজেপিৰ অন্ধ ভক্ত আৰু গোদী মিডিয়াই তাকেই জপে। কিয়নো তেওঁলোক সকলো যে উচ্ছিষ্টজীৱী।