NORTHEAST NOW (Assamese)
অসম

সঘনাই ফৰৱাৰ্ড হোৱা মেছেজৰ ক্ষেত্ৰত নতুন ব্যৱস্থা হোৱাটছএপৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 5:17 pm
whatsapp

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে হোৱাটছএপে সঘনাই ফৰৱাৰ্ড কৰা মেছেজসমূহ পুনৰ কেৱল এজনলৈকেহে এবাৰত দিব পৰাৰ ব্যৱস্থা কৰিছে।

পূৰ্বে পাঁচবাৰতকৈ অধিক ফৰৱাৰ্ড হোৱা মেছেজ এটাক সঘনাই ফৰৱাৰ্ড হোৱা মেছেজৰূপে গণ্য কৰা হ’ব।

মঙলবাৰে হোৱাটছএপে এই নতুন ফিচাৰ মুকলি কৰিছে।

সঘনে ফৰৱাৰ্ড হোৱা মেছেজ এটাৰ ওপৰত দুডাল কাঁড় চিনেৰে চিহ্নিত কৰা থাকিব।

ভুৱা খবৰ বা উৰা বাতৰি ভাইৰেল হোৱাৰ পৰা ৰোধ কৰাৰ বাবে হোৱাটছএপে এই ব্যৱস্থা মুকলি কৰিছে।

এটা মেছেজ ফৰৱাৰ্ড কৰাৰ পূৰ্বে পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ভুৱা বাতৰি বা গুজৱ কমাত সহায় কৰিব বুলি কোম্পানিটোৱে আশা প্ৰকাশ কৰে।

হোৱাটছএপৰ এই নতুন ফিচাৰ বিশ্বজুৰি মুকলি কৰা হৈছে।

উল্লেখযোগ্য যে ক’ভিড১৯ মহামাৰীৰ মাজতে অসমতো চ’চিয়েল মিডিয়াত বহু ভুৱা বাতৰি, গুজৱ প্ৰচাৰিত হৈ থকা পৰিলক্ষিত হৈছে।

অসম আৰক্ষীয়ে ইতিমধ্যে এনে বহু গুজৱ বিয়পোৱা লোকক গ্ৰেপ্তাৰ কৰিছে আৰু ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই আহিছে।