NORTHEAST NOW (Assamese)
অসম

এইবাৰ WhatsApp Payৰ জৰিয়তেও কৰিব পাৰিব সকলো লেনদেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 9:32 am
whatsapp digital payments

WhatsApp Pay ৰ জৰিয়তে পেমেন্ট চিষ্টেম আৰম্ভ কৰাৰ বাবে চৰকাৰ অনুমতি লাভ কৰিছে মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাটোৱে। দুবছৰ ধৰি বিটা মোডত WhatsApp Pay চলোৱাৰ পাছত অৱশেষত চৰকাৰৰ পৰা এই অনুমতি লাভ কৰিছে সংস্থাটোৱে।

চৰকাৰী নিয়ন্ত্ৰক সংস্থা National Payments Corporation of India (NPCI)ই এই এপটোক আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে।

চৰকাৰে অৱশ্যে পৰ্যায়ক্ৰমে হোৱাটছএপক তেওঁলোকৰ পেমেন্ট এপটো দেশৰ নাগৰিকৰ ওচৰলৈ নিবলৈ কৈছে।

প্ৰথমতে দেশৰ ২কোটি লোকে WhatsApp Pay ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান দেশত ৪০কোটি হোৱাটছেপ ব্যৱহাৰকাৰী আছে।

এক বিবৃতিত মাৰ্ক জুকাৰবাৰ্গে কয় যে তেওঁলোকে এনপিচিআইৰ সৈতে একেলগে কাম কৰিছে আৰু তেওঁলোকে সকলো সুৰক্ষিত আৰু বিশ্বাসযোগ্য হোৱাটো নিশ্চিত কৰিছে। সংস্থাসমূহে যাতে গ্ৰাহকসকলক উৎকৃষ্ট সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে বুলি জুকাৰবৰ্গে লগতে জানিবলৈ দিয়ে।

য়ুনাইটেড পেমেন্ট ইন্টাৰফেচ বা য়ুপিআইৰ প্ৰশংসা কৰি জুকাৰবাৰ্গে কয় যে ইয়াৰ দ্বাৰা সৰু তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুযোগ বহু বৃদ্ধি পাব।

জুকাৰবাৰ্গে লগতে কয় যে এনেকুৱা এটা ব্যৱস্তা কৰা ভাৰত হৈছে প্ৰথম দেশ আৰু সকলোৰে সৈতে একেলগে কাম কৰি ডিজিটেল ইণ্ডিয়া নিৰ্মাণৰ কামত তেওঁলোক সহযোগী হ’ব বিচাৰে।

WhatsApp Pay দহটা আঞ্চলিক ভাষাতো ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে,এই সেৱা লাভ কৰিবলৈ গ্ৰাহকসকলৰ য়ুপিআই ছাপোৰ্ট কৰা বেংকত ডেবিট কাৰ্ড থাকিব লাগিব।