NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2023 9:26 am

তাৎক্ষণিকভাৱে (instant) বাৰ্তা প্ৰেৰণ কৰা এপ হোৱাটছএপে ইয়াৰ প্লেটফৰ্মত অহৰহ এনে ফিচাৰ্ছ আনিছে যাতে ইয়াক অতি সহজে ব্যৱহাৰ কৰিব পৰা যায়। এতিয়ালৈকে আপুনি হোৱাটছএপত কাৰোবাক মেছেজ কৰিবলৈ টাইপিং আৰু ভইচ ৰেকৰ্ডিঙৰ আশ্ৰয় লৈছিল, কিন্তু এতিয়া কোম্পানীয়ে তৃতীয়টো বিকল্পও দিবলৈ ওলাইছে। এতিয়া WhatsApp ত আপুনি যিকোনো ব্যক্তিক ভিডিঅ’ মেছেজ কৰিব পাৰিব। অতি সোনকালে এই ফিচাৰ্ছ সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব।

মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে নিজৰ ফেচবুক হেণ্ডেলৰ পৰা এটা পোষ্টৰ জৰিয়তে হোৱাটছএপৰ নতুন ফিচাৰৰ বিষয়ে তথ্য প্ৰদান কৰিছে। এই ফিচাৰৰ সহায়ত এতিয়া হোৱাটছএপ ব্যৱহাৰকাৰীয়ে যিকোনো ব্যক্তিলৈ চুটি ভিডিঅ’ মেছেজ প্ৰেৰণ কৰিব পাৰিব। সেয়া এতিয়াৰ দৰে পঠিয়াবলৈ ভিডিঅ’ এটা প্ৰি-ৰেকৰ্ডিং কৰি চেভ কৰাৰ প্ৰয়োজন নাই। বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনৰ লগত লাইভ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব।

WhatsApp ত বাৰ্তা প্ৰেৰণৰ বহু উপায় আছে। ইচ্ছা কৰিলেই টেক্সট ফৰ্মেটত বাৰ্তা প্ৰেৰণ কৰিব বা ভইচ মেছেজ প্ৰেৰণ কৰিব পাৰে। ৰেকৰ্ডিং কৰা বাৰ্তাও প্ৰেৰণ কৰিব পাৰে। টেক্সট মেছেজত টাইপিং কৰিব লাগে, ভইচ মেছেজত স্ক্ৰীণত থকা মাইক আইকনত ক্লিক কৰি ৰেকৰ্ডিং কৰিব লাগে, কিন্তু এতিয়ালৈকে ভিডিঅ’ মেছেজৰ কোনো ফিচাৰ নাছিল। ভিডিঅ’ মেছেজৰ বাবে আমি প্ৰথমে ভিডিঅ’টো ৰেকৰ্ড কৰি তাৰ পিছত গেলেৰীত চেভ কৰি চেট বক্সত ভিডিঅ’টো সংলগ্ন কৰি পঠিয়াব লাগিছিল।

এতিয়া আৰু ইমান দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে। এতিয়া ভইচ মেছেজৰ আইকন ভিডিঅ’ ৰেকৰ্ড কৰাৰ বিকল্প পাব। ভইচ মেছেজৰ আইকনত ক্লিক কৰিলে কেমেৰা অন হ’ব যাতে আপুনি চেলফি মেছেজ আৰু ৰিয়াৰ কেমেৰা দুয়োটাৰে ভিডিঅ’ ৰেকৰ্ড কৰিব পাৰিব। ভিডিঅ’ মেছেজ ফিচাৰত ৬০ ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব।