NORTHEAST NOW (Assamese)
অসম

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 8:30 pm

পোহৰলৈ আহিছে এক নতুন অনলাইন জালিয়াতিৰ তথ্য, নিমিষতে খালী হব পাৰে আপোনাৰ বেংক একাউণ্ট । শেহতীয়াকৈ OneCard কোম্পানীয়ে গ্ৰাহকসকলক WhatsApp Screen Mirroring Fraud নামৰ এক নতুন প্ৰৱঞ্চনাৰ বিষয়ে সতৰ্ক কৰিছে। এই প্ৰৱঞ্চনাত পৰিলে নিমিষতে বেংক একাউণ্ট খালী হোৱাৰ লগতে ব্যক্তিগত তথ্য চুৰি হব পাৰে। এই প্ৰৱঞ্চনাৰ বিষয়ে সচেতনতা কম হোৱাৰ বাবে বহু লোকে এই ফান্দত পৰিছে । প্ৰৱঞ্চকে হোৱাটছএপত স্ক্ৰীণ শ্বেয়াৰিং অন কৰাই OTP, পাছৱৰ্ড আৰু বেংকৰ বিৱৰণৰ দৰে স্পৰ্শকাতৰ তথ্য লাভ কৰে।

এই প্ৰৱঞ্চনাৰ পদ্ধতি সৰল যদিও বিপজ্জনক। প্ৰৱঞ্চকে নিজকে বেংক বা বিত্তীয় কোম্পানীৰ কৰ্মচাৰী বুলি পৰিচয় দি একাউণ্টত সমস্যা থকাৰ অজুহাতত স্ক্ৰীণ শ্বেয়াৰিং কৰিবলৈ কয়। তাৰ পিছত হোৱাটছএপ ভিডিঅ কলত স্ক্ৰীণ লাইভ চাই ভেৰিফিকেচনৰ নামত লেনদেন কৰি OTP বা PIN চুৰি কৰে। দ্বিতীয় পদ্ধতিত Keyboard Logger এপ ইনষ্টল কৰাই টাইপ কৰা সকলো তথ্য ৰেকৰ্ড কৰে, যাৰ ফলত বেংক আৰু ছচিয়েল মিডিয়াৰ পাছৱৰ্ড চুৰি হয়।

চুৰি হোৱা তথ্য ব্যৱহাৰ কৰি প্ৰৱঞ্চকে ধন উলিয়াই লয় বা অকৰ্তৃত্বশীল লেনদেন কৰে। গ্ৰাহকসকলে অজ্ঞাত লোকৰ সৈতে স্ক্ৰীণ শ্বেয়াৰিং নকৰি আৰু সন্দেহজনক এপ ইনষ্টল নকৰি এই প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পাব পাৰে। । বেংকসমূহেও অন-স্ক্ৰীণ কিবৰ্ডৰ দৰে সুৰক্ষা ব্যৱস্থা প্ৰদান কৰি এই প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পোৱাৰ পথ উলিয়াইছে।