NORTHEAST NOW (Assamese)
অসম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 4, 2022 5:55 pm

এতিয়াৰে পৰা হোৱাটছএপ অনলাইন হৈ থাকিলেও সেয়া আনে গম নাপাব। হোৱাটছএপে তেনে এক প্ৰযুক্তিয়েই এতিয়া আনিছে।কিন্তু যদি নিৰ্দিষ্ট কোনো ব্যক্তি বা সকলোৰে পৰা হোৱাটছএপত অনলাইন থকাটো গোপন ৰাখিব বিচাৰে তেন্তে সেই সুবিধা নিশ্চয়কৈ লাভ কৰিব। 

আঠৰ পৰা আশীলৈকে, বৰ্তমান সময়ত, কম বেছি পৰিমাণে সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে।

কেৱল কথা পতাৰ বাবে নহয়, কিন্তু এতিয়া বেছিভাগ লোকে ইয়াক কাৰ্যালয়ৰ কামৰ বাবেও ব্যৱহাৰ কৰে।

ফলস্বৰূপে, প্ৰায় সকলোৱে দিনটোৰ দীঘলীয়া সময়ৰ বাবে অনলাইনত থাকে। কিন্তু কেতিয়াবা এনেদৰে অনলাইন থাকিলে সমস্যাৰো সৃষ্টি হ’ব পাৰে। উদাহৰণ স্বৰূপে যদি আপুনি অফিচৰ মাজতে অপ্ৰয়োজনীয়ভাৱে অনলাইন থাকে, তেন্তে সেই কথা অফিচৰ মুৰব্বীয়ে মন কৰিব পাৰে।

সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বিচাৰি আছিল। এতিয়া হোৱাটছএপে সেই সুবিধাও প্ৰদান কৰিব।

আপুনি বিচৰা লোকৰ পৰা এই কথা লুকুৱাই ৰাখিব পাৰিব যে আপুনি হোৱাটছএপত অনলাইন আছে।

এই সমস্যাটো এতিয়া সমাধানৰ পথত । হোৱাটছএপৰ মতে যদি আপুনি অনলাইন আছে, তেন্তে আপুনি ইয়াক কোনে চাব পাৰে সেয়া বাছনি কৰিব পাৰে।

এই ব্যৱস্থা শীঘ্ৰে আৰম্ভ হ’ব।