NORTHEAST NOW (Assamese)
Popular Stories

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2025 4:21 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ পাছত পঞ্জাৱৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে শেহতীয়াকৈ নিজৰ কেম্পাছত আমেৰিকাৰ পানীয় ‘নিষিদ্ধ কৰিছে।

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ তথা লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি (এল পি ইউ)ৰ প্ৰতিষ্ঠাপক-চ্যান্সেলৰ অশোক কুমাৰ মিট্টলে এক্সত এক পোষ্টত কয় যে, ‘আজি ট্ৰাম্পৰ ৫০% শুল্কৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া স্বৰূপে এল পি ইউয়ে কেম্পাছত আমেৰিকাৰ পানীয় নিষিদ্ধ কৰি স্বদেশী ২.০ৰ বাবে স্পষ্ট আহ্বান জনাইছে ৰাজ্যসমূহ আহক আমি একেলগে কাম কৰি ভাৰতক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিম।”

আমোদজনক কথাটো হল, ২০০৩ চনৰ আগষ্ট মাহৰ আগতেই তামিলনাডুৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়ে পেপচি আৰু কোকাকোলাৰ পৰা পানীয়বোৰত বিষাক্ত কীটনাশক থকাৰ অভিযোগত কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল।