NORTHEAST NOW (Assamese)
দেশ

কেতিয়া হ’ব ‘চাইনা পে চৰ্চা! মোদী চৰকাৰক কটাক্ষ কংগ্ৰেছ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2022 8:58 pm
India-China conflict

চীন-ভাৰত সংঘাতক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এইবাৰ কেন্দ্ৰৰ মোদী চৰকাৰৰ সমালোচনত মুখৰ হৈ পৰিছে কংগ্ৰেছ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে। বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘চাই পে চৰ্চা’ৰ আধাৰত ভাৰতত কেতিয়া ‘চীন পে চৰ্চা’ হ’ব বুলি প্ৰশ্ন কৰে।

খৰ্গেই লগতে সদনৰ অধ্যক্ষই অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত-চীন সংঘৰ্ষ সন্দৰ্ভত আলোচনাৰ অনুমতি দিয়াৰ পিছতো ৰাজ্যসভাত এই বিষয়ে ক’বলৈ অনুমতি দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে।

এক টুইটত খৰ্গেই লগতে চিলিগুৰি কৰিডৰৰ অতি কাষৰতে অৱস্থিত জাম্ফেৰী ৰিজলৈকে ডকলাম অঞ্চলত চীনা সৈন্যই নিৰ্মাণকাৰ্য চলাই থকা বুলি দাবী কৰে। এই বিষয়টো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতিশয় চিন্তনীয় বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে খৰ্গেৰ লগতে ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰি থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এনে এক অভিযোগ আনিছিল। ৰাজস্থানত ভাষণ দি গান্ধীয়ে চীনে যুদ্ধৰ বাবে সাজু হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে এই ভাবুকিক আওকাণ কৰি তথ্য লুকুৱাই ৰাখিছে বুলি অভিযোগ কৰিছিল।

“বৰ্তমানৰ পৰিস্থিতিৰ পৰা মোৰ অনুমান, চীন আগ্ৰাসনৰ বাবে সাজু নহয় বৰঞ্চ পূৰ্ণাংগ যুদ্ধৰ বাবেহে প্ৰস্তুতি চলাইছে। চীনৰ এই ভাবুকি স্পষ্ট যদিও আমাৰ চৰকাৰে ভাবুকিক আওকাণ কৰিছে। কেন্দ্ৰই আমাৰ পৰা তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে, কিন্তু এনে কথা বেছি দিন লুকুৱাব নোৱাৰিব।’- এইদৰে কয় ৰাহুল গান্ধীয়ে।

গান্ধীয়ে লগতে কয়, “মই কেন্দ্ৰীয় চৰকাৰক চীনৰ প্ৰতি সাৱধান হ’বলৈ সকীয়াই দিছিলো। চীনে লাডাখ আৰু অৰুণাচলৰ ফালৰ পৰা প্ৰস্তুতি চলাই আহিছে যদিও ভাৰত চৰকাৰ শুই আছে।”

আনহাতে গান্ধীৰ এই দাবীৰ প্ৰত্যুত্তৰ দি বিজেপিয়ে ৰাহুল গান্ধীয়ে বিভ্ৰান্তি বিয়পাবলৈ আৰু জোৱানৰ মনোবল হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰে। বিজেপিৰ মুখপাত্ৰ ৰাজ্যবৰ্ধন সিং ৰাথোৰে গান্ধীক তীব্ৰ সমালোচনা কৰি কয়, “ৰাহুল গান্ধীয়ে অনুভৱ কৰিছে যে চীনৰ সৈতে সু-সম্পৰ্ক থাকিব লাগে। এতিয়া তেওঁ ইমানেই সম্পৰ্ক গঢ়ি তুলিছে যে চীনে কি কৰিব তেওঁ গম পায়।”

স্মৰ্তব্য যে টাৱাং ছেক্টৰৰ সমীপৰ ইয়াংষ্টে অঞ্চলত দুয়োখন দেশৰ বাহিনীৰ মাজত সৃষ্টি পোৱা শেহতীয়া সংঘৰ্ষৰ পিছত ভাৰত-চীন সীমান্ত সমস্যাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ উদ্ভৱ হৈছে। এই সংঘৰ্ষৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে চৰকাৰে কিয় ইমান দিনে দেশৰ জনসাধাৰণক এই সন্দৰ্ভত অন্ধকাৰত ৰাখিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে।