NORTHEAST NOW (Assamese)
ভাষা-সাহিত্য

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2025 7:37 am
আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

হৰেকৃষ্ণ ডেকা

মহাশয়,

আপুনি মোক কুকুৰ বুলি কৈছে।

মোৰ কোনো আপত্তি নাই।

হয়তো আন কিছুমানেও তেনেকৈ ভাবে।

কিন্তু আপুনিহে দেখোন

কুকুৰ-ভুকনি দি আছে।

আপুনি ভুকাৰ লগে লগে

আন কেইজনমানেও ৰাউচি জুৰিছে।

মই ভুকিবলৈ নিশিকিলোঁ।

তথাপিও যদি আপুনি কয়,

মইহে ভুকনি দিওঁ,

মই আপত্তি কৰিব নোৱাৰোঁ।

সেয়েহে মই মনে মনে আছোঁ।

কিন্তু এষাৰ  কথা মই আপোনাক

কাণে কাণে কব খোজোঁ।

ভুকনি দিব নোৱাৰিলেও

 মই কামুৰিব পাবোঁ।