NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ শাসনত আহিলেই ব্ৰহ্মপুত্ৰত উটুৱাই দিম কা : হৰিপল ৰাৱাট

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং January 12, 2020 10:09 pm
Haripal Rawat

২০২১ত কংগ্ৰেছে ৰাজ্যৰ শাসনভাৰ দখল কৰিলে সংশোধিত নাগৰিকত্ব আইনখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুটীয়া সম্পাদক হৰিপল ৰাৱাটে।

আজি কাৰ্বি আংলঙৰ ডিফুত এক দলীয় কাৰ্যসূচীত অংশ ল’বলৈ গৈ ৰাৱাটে এই মন্তব্য কৰে।

সাংবাদিকৰ আগত ৰাৱাটে কয়, ‘কা বিৰোধিতা কৰা লোকসকলক ধন্যবাদ জনাবলৈ মই ইয়ালৈ আহিছো। বিজেপিৰ কাম-কাজত অসন্তুষ্ট হৈ ১৯৪ জন লোকে দল এৰিলে, তেওঁলোকক মই স্বাগতম জনাইছো। যেতিয়াই আমাৰ দল শাসনত আহিব তেতিয়াই আমি এই আইনখন ব্ৰহ্মপুত্ৰত উটুৱাই দিম’।

কাৰ্বি আংলঙৰ দায়িত্বত থকা অসম প্ৰদেশ কংগ্ৰেছৰ নেতা দুৰ্লভ চমুৱাই ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ কোনো অস্তিত্ব নাই বুলি মন্তব্য কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চমুৱাই কয়, ‘তেওঁলোকে কৈ আছে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল সমূহত কাৰ কোনো প্ৰভাৱ নপৰে। তেতিয়া হ’লে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ কি হ’ল, তেওঁলোকৰ অস্তিত্ব আছে নেকি? যেতিয়া বাংলাদেশী সংখ্যাগৰিষ্ঠ হ’ব তেতিয়া কাৰ্বি সকলৰ অস্তিত্ব থাকিবনে?’

তেওঁ লগতে কয় যে কাৰ জৰিয়তে বাংলাদেশীক সংখ্যাগৰিষ্ঠ কৰি কাৰ্বসকলৰ স্বায়ত্ত পৰিষদখন ভাঙিব খোজা নাই।