NORTHEAST NOW (Assamese)
Popular Stories

উপাৰ্জন কোটিৰ ঘৰত, অথচ সাধাৰণ জীৱন নিৰ্বাহ : টকাবোৰ ক’ত খৰচ কৰে অৰিজিৎ সিঙে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2023 7:50 pm
উপাৰ্জন কোটিৰ ঘৰত, অথচ সাধাৰণ জীৱন নিৰ্বাহ :  টকাবোৰ ক’ত খৰচ কৰে অৰিজিৎ সিঙে?

বলিউডৰ এগৰাকী জনপ্ৰিয় তথা ধনী তাৰকা হ’ল কন্ঠশিল্পী অৰিজিৎ সিঙ। দেশে বিদেশে এইগৰাকী গায়কে সংগীত পৰিৱেশন কৰি লাখ লাখ টকা উপাৰ্জন কৰে। বলিউডৰ বহু ৰথীমহাৰথীক নিজৰ টকাৰে কিনি থ’ব পৰা সক্ষমতা আছে এইগৰাকী গায়কৰ। ইমান সম্পত্তিৰ অধিকাৰী হৈয়ে তেনেই সাধাৰণ জীৱন যাপন কৰে বলিউডৰ কন্ঠশিল্পীগৰাকীয়ে।

কিন্তু দেশবিদেশত চিনেমাৰ গান গাই আৰু শ্ব’ কৰি উপাৰ্জন কৰা ধনখিনি কেনেকৈ খৰচ কৰে অৰিজিতে ?

বিশেষ সূত্ৰই দাবী কৰিছে যে অৰিজিতৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫৫ কোটি টকা। শুনা যায় যে তেওঁ প্ৰতিটো গীত গোৱাৰ বাবদ ১৫ৰ পৰা ২৫ লাখ টকা লয়।

ইয়াৰ উপৰিও বিভিন্ন লাইভ অনুষ্ঠান পৰিৱেশন কৰে শিল্পীগৰাকীয়ে। লাখ লাখ টকাৰ বিনিয়মত তেওঁ এই অনুষ্ঠানসমূহ পৰিৱেশন কৰে।

কিন্তু বহুতে হয়তো জানিবলৈ কৌতুহলী যে শিল্পীগৰাকীয়ে উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ ধন তেওঁ কেনেকৈ খৰচ কৰে?

অৰিজিতে সাধাৰণ জীৱন যাপন কৰি ভাল পায় । ডাঙৰ গায়ক, কিন্তু দামী গাড়ী নাই। সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ দৰেই থাকি ভাল পায় তেওঁ। অৱশ্যে শেহতীয়াকৈ অৰিজিতে মেনেজাৰৰ পৰামৰ্শ মতে এখন ডাঙৰ গাড়ী কিনিবলৈ বাধ্য হয়।

কিছু মাহ পূৰ্বে পুত্ৰ আৰু পত্নীসহ অৰিজিতৰ কিছু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। জিয়াগাঞ্জৰ মাউণ্ট লিটেৰা জি স্কুলৰ গেটৰ সন্মুখত তেওঁক দেখা গৈছিল শিল্পীজনৰ পৰিয়ালটোক। পুত্ৰক মুম্বাই বা কলকাতাৰ কোনো স্কুললৈ পঠোৱাৰ পৰিৱৰ্তে নিজৰ জিলাৰ এখন স্কুলত ভৰ্তি দিছে শিল্পীগৰাকীয়ে।

তেওঁ নিজৰ উপাৰ্জন বিলাসী জীৱনৰ বাবে নহয়, সমাজৰ কল্যাণৰ বাবে খৰচ কৰে।

শৈশৱত অধ্যয়ন কৰা ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ বিদ্যালয়ৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে অৰিজিতে। বিদ্যালয়খনৰ উন্নয়নৰ বাবে উদ্যোগ লৈছে তেওঁ। বিদ্যালয়ৰ খেলপথাৰখন দীৰ্ঘদিন ধৰি অৱহেলিত হৈ পৰিছিল। অৰিজিত সিঙৰ তত্বাৱধানত সেই খেলপথাৰখন ছাত্ৰছাত্ৰীৰ বাবে উপযোগী কৰি তুলি ইতিমধ্যে খেলপথাৰখন ছাত্ৰছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

ইয়াৰ উপৰিও অৰিজিৎ সিঙৰ আছে এটা নিজা স্বেচ্ছাসেৱী সংগঠন। জিয়াগাঞ্জত এখন উন্নত চিকিৎসালয় নিৰ্মাণ কৰাৰ কথাও ভাবিছে শিল্পীগৰাকীয়ে।

মহামাৰীৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে মুৰ্ছিদাবাদত চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও ধন আগবঢ়াইছিল।

ইয়াৰ বাহিৰেও অৰিজিতে উপাৰ্জনৰ এক বৃহৎ অংশ জিয়াগঞ্জৰ চিকিৎসালয়ৰ উন্নয়ন, দৰিদ্ৰ শিশুৰ হৃদ চিকিৎসা আৰু সংগীত বিদ্যালয় নিৰ্মাণৰ কামত ব্যয় কৰে।

জিয়াগাঞ্জত বিনামূলীয়া ইংৰাজী শিক্ষাৰ প্ৰশিক্ষণো মুকলি কৰিছে তেওঁ। আচলতে অৰিজিতৰ একমাত্ৰ লক্ষ্য নিজৰ স্বাৰ্থ নহয়, সমাজৰ সামগ্ৰিক উন্নতিয়েই অৰিজিতৰ স্বপ্ন।