NORTHEAST NOW (Assamese)
Popular Stories

বলীউডৰ পৰা হঠাৎ অন্তৰ্ধান চতুৰ! ক’ত আছে ‘ছাইলেন্সাৰ’?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2023 9:30 pm

নিজৰ কেৰিয়াৰৰ প্ৰথমখন হিন্দী ছবিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল এইগৰাকী অভিনেতাই। ‘থ্ৰী ইডিয়টছ’ অভিনয় কৰি বলীউডৰ শীৰ্ষ কমেডিয়ানৰ তালিকাত স্থান লাভ কৰিছিল এইগৰাকী অভিনেতাই।

কিন্তু তেওঁ হঠাতে নোহোৱা হৈ গ’ল কিয় ? চিনেমা এৰি বৰ্তমান ক’ত আছে ছাইলেন্সাৰ – সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।  

২০০৯ চনত ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰিছিল ‘থ্ৰী ইডিয়টছ’। আজিও এই ছবিখন দৰ্শকৰ মনত আছে। এই ছবিখনত আমিৰ খান, আৰ মাধৱন, শৰ্মান যোশী, বোমন ইৰাণী আৰু কৰীনা কাপুৰ খানৰ সৈতে অভিনয় কৰি দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁ।

‘থ্ৰী ইডিয়টছ’ত ওমিয়ে ‘ছাইলেন্সাৰ’ ওৰফে চতুৰ ৰামালিংগমৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ছবিখন মুক্তি পোৱাৰ পিছতে কমেডিয়ান হিচাবে নিশাটোৰ ভিতৰতে ওমি জনপ্ৰিয় হৈ পৰে। 

কেৱল অভিনয়ৰ বাবেই ‘থ্ৰী ইডিয়টছ’ত ওমিয়ে ভঙা হিন্দী কথা কোৱা নাছিল। সেই সময়ত অভিনেতাজনে একেদৰেই কথা পাতিছিল। কাৰণ ওমিৰ জন্ম ভাৰতত হোৱা নাছিল। গতিকে হিন্দী ভাষাৰ লগত তেওঁৰ আত্মীয়তা শক্তিশালীভাৱে গঢ় লৈ উঠা নাছিল।

১৯৮২ চনৰ ১০ জানুৱাৰীত আমেৰিকাৰ কেলিফৰ্ণিয়াত জন্মগ্ৰহণ কৰিছিল ওমিৰে। দেউতাক আৰু ভাতৃ দুয়োজনেই পেছাত ডাক্তৰ। কিন্তু ওমিৰ মাকৰ সপোন বেলেগ আছিল। ওমিৰ মাকে বিচাৰিছিল যে তেওঁৰ পুত্ৰই অভিনয় কৰক। গতিকে ওমিক ছবছৰ বয়সৰ পৰাই অভিনয় প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্তি কৰা হয়। অভিনয়ৰ উপৰিও ওমিয়ে তিনি বছৰ ধৰি নৃত্যও শিকিছিল।

ন বছৰ বয়সত ওমিয়ে আমেৰিকাত মাৰাঠী নাট্যদলত যোগদান কৰে ওমিয়ে। লছ এঞ্জেলছত স্কুল-কলেজ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ চলচ্চিত্ৰৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

চলচ্চিত্ৰত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত ওমিয়ে বিভিন্ন ছবিৰ সম্পাদনা আৰম্ভ কৰে। কিন্তু তেওঁৰ প্ৰৱণতা আছিল অভিনয়ৰ প্ৰতি।

ওমিয়ে ‘আৰেষ্টেড ডেভেলপমেণ্ট’, ‘দ্য অফিচ’ৰ দৰে কেইবাখনো ইংৰাজী ধাৰাবাহিকত অভিনয় কৰিছিল। কিন্তু তেওঁক সৰু সৰু চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। 

প্ৰতি বছৰে এবাৰ হ’লেও ওমী ভাৰতলৈ আহিছিল। ২০০৭ চনত মুম্বাইলৈ অহাৰ সময়ত তেওঁ খবৰ পাইছিল যে ‘থ্ৰী ইডিয়টছ’ নামৰ এখন ছবিৰ অডিচন চলি আছে। বন্ধু এজনৰ অনুৰোধত অভিনেতাজন তালৈ গৈছিল অডিচনৰ বাবে।

ওমিয়ে ‘থ্ৰী ইডিয়টছ’ ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে অডিচন দিছিল। কিন্তু তেওঁৰ হিন্দী উচ্চাৰণ শুনি পৰিচালকে নতুন পৰিকল্পনা এটা পালে।

ৰাজকুমাৰে ওমিৰ অডিচনত ইমানেই আপ্লুত হৈছিল যে পৰিচালকে তেওঁৰ আধাৰত ‘থ্ৰী ইডিয়টছ’ ছবিখনৰ বাবে এটা নতুন চৰিত্ৰ সৃষ্টি কৰিছিল। ওমিক পৰিচালকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পাৰ্শ্ব চৰিত্ৰ হ’লেও ছবিখনৰ জীৱন হ’ব ওমি।

২০০৯ চনত মুক্তি পোৱা ‘থ্ৰী ইডিয়টছ’ৰ পিছত জনপ্ৰিয় হৈ পৰিছিল ওমি। ‘দিল টু বাচা হায় জি’, ‘দেশী বয়ছ’, ‘প্লেয়াৰ্ছ’, ‘জোডি ব্ৰেকাৰছ’ আদি হিন্দী ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল ওমিয়ে। কিন্তু অভিনেতাগৰাকীৰ কেৰিয়াৰত কোনো এখন ছবিয়ে বিশেষ স্থান দখল কৰিব নোৱাৰিলে।

২০১২ চনৰ পিছত ক্ৰমান্বয়ে ওমিৰে কাম নোপোৱাৰ বাবে মুম্বাই এৰি তেওঁ আমেৰিকালৈ উভতি যায়। তালৈ গৈ তেওঁ টেলিভিছনৰ ধাৰাবাহিকত অভিনয় কৰিবলৈ আৰম্ভ কৰে।

২০১৭ চনত ওমিক ‘মিৰ’ৰ গেম’ৰ দৰে ‘বি গ্ৰেড’ ছবিত অভিনয় কৰা দেখা গৈছিল। পিছৰ বছৰত তেওঁ ‘ব্লেকমেইল’ ছবিখনত অভিনয় কৰাৰ সুযোগ পাইছিল। 

অভিনয় এৰি ওমিয়ে পৰিচালনাৰ প্ৰতি মনোযোগ দিলে। বৰ্তমান তেওঁ পত্নী মিনাল পেটেল আৰু দুটা সন্তানৰ সৈতে আমেৰিকাত থাকে।