NORTHEAST NOW (Assamese)
Popular Stories

সাংবাদিক কল্পজ্যোতি শইকীয়া আৰু তেওঁৰ লগৰ পজিটিভ ৰোগীৰ হিচাপৰ খাদ্যসমূহ কোনে খালে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 4:57 pm
index

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনা মতে হাস্পাতলৰ পৰা ডিচচাৰ্জ হোৱা কোভিড-১৯ ৰোগীৰ হোম কোৱাৰেন্টাইনৰ সময় ৭দিনলৈ হ্ৰাস কৰিছে।

নিৰ্দেশনা অনুসৰি, পূৰ্বৰ হোম কোৱাৰেন্টাইনৰ সময় ১৪ দিনৰ পৰিৱৰ্তে সাত দিনলৈ হ্ৰাস কৰা হৈছে।

আনহাতে, পূৰ্বে হাস্পাতলৰ পৰা মুক্ত কৰি দিয়া পজিটিভ ৰোগীক চৰকাৰে আগবঢ়োৱা ২০০০টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (বিপিএল) লোক, জ্যেষ্ঠ নাগৰিক, অসুস্থ আৰু দিব্যাংগৰ বাহিৰে আন লোকলৈ আগবঢ়োৱা নহয় বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্হাই শুকুৰবাৰে অৰ্থাৎ ২৪ জুলাইত দিয়া নিৰ্দেশনাটোত এইদৰে কোৱা হৈছে।

নিৰ্দেশনাটোত কেতিয়াৰ পৰা এই নিয়ম বলবৎ হ’ব তাৰ কোনো স্পষ্ট উল্লেখ নাই যদিও স্বাভাৱিকতে নিৰ্দেশনা দিয়া ২৪জুলাইৰ পৰাই এই নিয়ম প্ৰযোজ্য হ’ব বুলি ধৰি ল’ব পাৰি।

এতিয়া কথাটো হ’ল ২৪ তাৰিখৰ আগতে যিসকল ৰোগীয়ে হাস্পাতলৰ পৰা ডিচচাৰ্জ হোৱাৰ পাছত ২০০০টকাৰ খাদ্য-সামগ্ৰীৰ টোপোলা নাপালে তেওঁলোকৰ ভাগৰ খাদ্য-সামগ্ৰীখিনি ক’ত গ’ল ?

চৰকাৰী নিয়ম অনুসৰিয়েই তেওঁলোকৰ নামত ২০০০টকাৰ খাদ্যৰ টোপোলা নিশ্চয় অনুমোদিত হৈছে।

কেইদিনমান আগতে পজিটিভ ৰোগী সাংবাদিক কল্পজ্যোতি শইকীয়াই হাস্পাতলৰ পৰা অহাৰ পাছত এই খাদ্যৰ টোপোলা নোপোৱাৰ কথা এটা বাতৰিৰ যোগেদি সদৰী কৰিছিল।

কন্টেইনমেন্ট জ’নত থাকিবলগীয়া হোৱা সাংবাদিকগৰাকীয়ে বাধ্যত পৰিয়েই চৰকাৰী নীতি-নিৰ্দেশনা মানি হোম কোৱাৰেন্টাইনত থাকি খাদ্যৰ অভাৱ হোৱাত খাদ্য বিচাৰি চৰকাৰলৈ আহ্বান জনাইছিল।

সাংবাদিক কল্পজ্যোতি শইকীয়াৰ আহ্বানক ভেঙুচালি কৰি ৰাজ্যখনৰ দায়িত্বশীল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তিনিবাৰকৈ বিভিন্ন স্থানত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে কন্টেইনমেন্ট জ’নত হোম কোৱাৰেন্টাইনত থাকিলেও মধ্যবিত্তই খাদ্য বিচৰাটো উচিত নহয়।

কিন্তু প্ৰশ্ন হ’ল স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰিয়েই সাংবাদিক কল্পজ্যোতি শইকীয়াৰ লগতে এনেদৰে হোম কোৱাৰেন্টাইনত থকা ৰোগীসকলে খাদ্য পোৱাটো উচিত আছিল।

স্বাস্থ্য বিভাগে দাবী কৰা অনুসৰি ২৪ জুলাইৰ পূৰ্বে হোম কোৱাৰেন্টাইনত থাকিবলগীয়া ৰোগীক ১৪দিনৰ বাবে খাদ্য দিয়া হৈছে।

এতিয়া প্ৰশ্ন হ’ল ২৪ জুলাইৰ পূৰ্বে চৰকাৰৰ স্বাস্থ্য বিভাগে ফাইলৰ হিচাপ অনুসৰি যোগান ধৰা কল্পজ্যোতি শইকীয়া আৰু তেওঁৰ লগৰ পজিটিভ ৰোগীৰ খাদ্যসমূহ কোনে খালে?

স্বচ্ছতা প্ৰদৰ্শন কৰি স্বাস্থ্য বিভাগে ইয়াৰ সদুত্তৰ দিব পাৰিবনে?

এই সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্হাৰ সৈতে যোগাযোগ কৰা হৈছিল।

কিন্তু তেওঁ গা এৰা মন্তব্যৰে ‘সামগ্ৰী যোগান নোপোৱাকৈ টকা মোকলাই দিয়া নহয়।‘ কৈ এই সম্পৰ্কত জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰি  সবিশেষ তথ্য ল’বলৈহে ক’লে।

সচিব সমীৰ সিন্হাৰ এই মন্তব্যৰ পিছতে কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাই। জিলা উপায়ুক্তগৰাকীয়ে আনকি আমাৰ ফোনো ৰিভিচ কৰা নাই।

এতিয়া আমাৰ চিধা প্ৰশ্ন, স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা উলোৱাৰ পূৰ্বে নিৰ্ধাৰিত কোভিড১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি হোম-কোৱাৰেন্টাইনত থকা লোকসকলৰ খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ নামত আৱন্টিত ধনখিনি ক’লৈ গ’ল ?

সেই সম্পৰ্কীয় ফাইলটোৰ প্ৰতিটো পৃষ্ঠা স্বাস্থ্য বিভাগে কোনো হেৰফেৰ নকৰাকৈ প্ৰকাশ কৰি অসমৰ জনগণৰ আগত স্বচ্ছতাৰ প্ৰমাণ দিব পাৰিব নে?

স্বাস্থ্য মন্ত্ৰীৰ স্ববিৰোধী আৰু ২১ মে’ৰ নিৰ্দেশনাৰ সৈতে সামজঞ্জ্য নথকা মন্তব্যৰ ৰহস্যৰ আঁৰ ভাঙিব পাৰিব নে ৰাজ্যৰ স্বাস্থ্য বিভাগে?

কোভিড মহামাৰীৰ সময়ত স্বাস্থ্য বিভাগৰ স্বচ্ছতাৰ ক্ষেত্ৰত এয়া হৈছে কোটি টকীয়া প্ৰশ্ন।