NORTHEAST NOW (Assamese)
Popular Stories

কি হ’ব BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ভৱিষ্যত? আজি উচ্চতম ন্যায়ালয়ত শুনানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 9:14 am

বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ ভৱিষ্যত সম্পৰ্কে আজি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব।

উচ্চতম ন্যায়ালয়ত বি চি চি আইয়ে সংবিধান সংশোধনৰ লগতে গাংগুলী আৰু শ্বাহে কুলিং অফ পিৰিয়ডত যোৱাৰ বিপৰীতে নিজৰ পদত যাতে অধিষ্ঠিত হৈ থাকিব পাৰে তাৰ বাবে আবেদন জনাইছিল।

সেই আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি হ’ব।

উল্লেখ্য যে, বিহাৰ ক্ৰিকেট সংঘৰ সচিব আদিত্য বৰ্মাই ২০১৩ চনৰ আই পি এল স্পট ফিক্সিং সন্দৰ্ভত উচ্চতম ন্যায়ালত আবেদন জনাইছিল।

বৰ্মাৰ আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ে লোধা সমিতি বনাই দিছিল আৰু সেই সমিতিয়ে বি চি চি আইৰ বিভিন্ন নিয়ম সংশোধন কৰি আমূল পৰিৱৰ্তন সাধন কৰিছিল।

বি চি চি আইৰ নতুন সংবিধান অনুসৰি কোনো এজন লোকে যদি একেৰাহে ছয় বছৰ কোনো ৰাজ্যিক ক্ৰিকেট ব’ৰ্ড বা বি চি চি আইৰ কোনো পদত অধিষ্ঠিত হৈ থাকে তেন্তে তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে কুলিং অফ পিৰিয়ডত যাব লাগে।

গাংগুলী আৰু শ্বাহে ব’ৰ্ডৰ দায়িত্ব গ্ৰহণ কৰিছিল যোৱা বছৰ অক্টোবৰ মাহত। আৰু দুয়োজনৰে ছয় বছৰ কাৰ্যকাল শেষ হ’বলৈ ৯ মাহ বাকী আছিল।

ইতিমধ্যে জয় শ্বাহৰ কাৰ্যকাল উকলি যোৱাৰ বিপৰীতে সৌৰভ গাংগুলীৰ কাৰ্যকাল চলিত মাহৰ শেষৰ ফালে অন্ত পৰিব।

আবেদনকাৰী বৰ্মাই কয় যে সৌৰভ গাংগুলী বি চি চি আইৰ অধ্যক্ষ হৈ থকাটো নিতান্তই প্ৰয়োজন। যদি আজি উচ্চতম ন্যায়ালয়ে গাংগুলীক কুলিং অফ পিৰিয়ডত যোৱাৰ বিপৰীতে অধ্যক্ষ হৈ থকাৰ অনুমতি দিয়ে তেন্তে তেওঁৰ উকীলে বিৰোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে।