NORTHEAST NOW (Assamese)
Popular Stories

মদৰ লগত নাখাব এইকেইবিধ খাদ্য : অন্যথা দুগুণ ক্ষতি হ’ব আপোনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2023 12:05 pm

) মদ খোৱাৰ সময়ত, আগত বা পিছত কেতিয়াও দুগ্ধজাত খাদ্য নাখাব।  ই পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰি হানি কৰিব পাৰে আপোনাৰ স্বাস্থ্য।

/ মদৰ লগত পিজ্জা খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? যদি আছে তেন্তে মদৰ লগত পিজ্জা খোৱা অভ্যাসটো ত্যাগ কৰক। কাৰণ পিজ্জা হজম হ’বলৈ যথেষ্ট সময় লাগে। মদৰ লগত পিজ্জা খালে ই পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

) মদৰ লগত বুট, মটৰ, মগুৰ দৰে খাদ্য নাখাব। সততে মদ্যপায়ীসকলে মদৰ লগত এইধৰণৰ কেঁচা চানা খোৱা দেখা যায়। কিন্তু মদৰ লগত ই অতি ক্ষতিকাৰক।

) সুৰাৰ লগত কেতিয়াও নিমখ বেছি থকা খাদ্য নাখাব। নিমখে আপোনাৰ শৰীৰটোত পানীৰ স্তৰ কমাই আনিব। আনহাতে মদেও শৰীৰত পানীৰ স্তৰ হ্ৰাস কৰে। সেয়ে মদৰ লগত নিমখীয়া খাদ্য খোৱাৰ পৰা সদায় বিৰত থাকক।

 

/ ভজা বা পোৰা খাদ্যৰ লগত সুৰাপান কৰাৰ আভ্যাস বহুতৰে থাকে। বহুতেই ভজা মাছ বা মাংসৰ লগত মদ্যপান কৰি আনন্দ লাভ কৰে। কিন্তু ই অতি ক্ষতিকাৰক। সেয়ে মদৰ লগত ভজাপোৰা খাদ্য খোৱাৰ পৰা সদায় বিৰত থাকক।