NORTHEAST NOW (Assamese)
অসম

কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি ব্যৱসায়; ভতিজী মীনাক হোৱাইট হাউছৰ সকীয়নি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 10:01 am
Meena Harris, Kamala Harris

যোৱা আমেৰিকাৰ নিৰ্বাচনত উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ভাৰতীয় বংশোদ্ভূত কমলা হেৰিছ। আমেৰিকাক বাদ দিও বাৰততো কমলা হেৰিছৰ ব্যাপক চৰ্চা হৈছে।

ইয়াৰ মাজতে কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি নিজৰ ব্ৰেণ্ডৰ বিজ্ঞাপন কৰাৰ অভিযোগ উঠিছে উপ ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজী মীনা হেৰিছৰ বিৰুদ্ধে।

মীনা হেৰিছ হাৰ্ভাডত প্ৰশিক্ষণপ্ৰাপ্ত আইনজীৱী। শেহতীয়াকৈ ভাৰতৰ কৃষক আন্দোলনক সমৰ্থন কৰি টুইট কৰাৰ বাবেও মীনা হেৰিছৰ নাম চৰ্চিত হৈছে।

বাতৰি অনুসৰি, প্ৰায় চাৰি বছৰ পূৰ্বে মীনাই এটা কাপোৰৰ ব্ৰেণ্ড গঢ়ি তোলে। টী-শ্বাৰ্ট আৰু ছ্যুট-শ্বাৰ্টৰ সেই কোম্পানীটোৰ সামগ্ৰী বিক্ৰী বাবে ব্যৱসায়ত কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰে।

মীনা হেৰিছলৈ হোৱাইট হাউছৰ লিগেল টীমৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। তাত কমলা হেৰিছৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়া হৈছে। মীনাক তেওঁৰ স্বভাৱ সলনি কৰাৰ কথাও কোৱা হৈছে।

বিগত কেইবছৰ ধৰি কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি আহিছে ভতিজী মীনাই। তেওঁৰ ব্ৰেণ্ডিঙত কমলা হেৰিছে কি পছন্দ কৰে সেইবোৰো থাকে।

ইয়াৰ ফলত আগন্তুক দিনত উপ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনত প্রভাৱ পৰিব বুলি হোৱাইট হাউছে আশংকা কৰিছে।

মীনাৰ ব্ৰেণ্ডত ‘ভাইচ প্ৰেছিডেন্ট আন্টি’ লিখা থকা ছ্যুট-শ্বাৰ্ট বিক্ৰী হয়। ছুইম ছ্যুটৰ থিমতো কমলাৰ নাম। আনকি বিশেষ ধৰণৰ এক হেডফোন বিক্ৰী কৰা হয় য’ত কমলাৰ বাবে লিখা শ্ল’গান আছে।

হোৱাইট হাউছৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এইবোৰ আৰু বিক্ৰী কৰিব নোৱাৰিব।