NORTHEAST NOW (Assamese)
Popular Stories

যুদ্ধক্ষেত্ৰত নহয়, এইবাৰ প্ৰেমত ঠগিলে পাকিস্তানে : চুফীয়ে প্ৰতাৰণা কৰিলে অঞ্জলিক 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 30, 2024 8:44 pm

যুদ্ধক্ষেত্ৰত ভাৰতক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে পাকিস্তানে। কাৰ্গিলত লুকাই চুৰকৈ প্ৰৱেশ কৰাৰ পৰা আৰম্ভ কৰি সীমান্ত অঞ্চলত নিয়মীয়াকৈ যুদ্ধবিৰতি উলংঘা কৰালৈকে ভাৰতক পাকিস্তানে বাৰে বাৰে প্ৰতাৰণা কৰাৰ কথা প্ৰমাণিত হৈছে। 

এইবাৰ প্ৰেমৰ ক্ষেত্ৰতো প্ৰতাৰণা কৰিলে পাকিস্তানে। ২০১৯ চনত ভাৰতৰ সামাজিক মাধ্যমৰ প্ৰভাৱশালী মহিলা অঞ্জলি চক্ৰ আৰু পাকিস্তানী প্ৰভাৱশালী মহিলা চুফী মালিকৰ প্ৰেম কাহিনীয়ে জোৱাৰ তুলিছিল সামাজিক মাধ্যমত। দুয়ো আছিল সমকামী।

ছ’চিয়েল মিডিয়াত এই যুটিটোক লৈ যথেষ্ট আগ্ৰহ আৰু চৰ্চাৰ সৃষ্টি হৈছিল। ভাৰত-পাকিস্তান মিত্ৰতা, হিন্দু-মুছলমান মিত্ৰতাৰ কাহিনী হিচাপেও উপস্থাপন কৰা হৈছিল তেওঁলোকৰ প্ৰেম কাহিনীক। 

কেইসপ্তাহমানৰ পিছত এই যুটিটোৱে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। কিন্তু বিয়ালৈ কেইসপ্তাহ মান থাকোতেই অঞ্জলীক প্ৰতাৰণা কৰিলে চুফীয়ে। বিয়াৰ আগতেই ফাঁট মেলিল সম্পৰ্কত।

সামাজিক মাধ্যমত অঞ্জলী আৰু চুফী দুয়োৱে পৃথকে পৃথকে বিবাহ বাতিলৰ কথা ঘোষণা কৰিছে। অঞ্জলি চক্ৰই লিখিছে, ‘শুনিলে হয়তো জোকাৰণিৰসৃষ্টি হ’ব পাৰে, কিন্তু আমাৰ বিচ্ছেদ হৈছে। আমি আমাৰ বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লৈছো। চুফীৰ বিশ্বাসঘাটকতাৰ বাবেই আমি আমাৰ সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছো।” 

 

View this post on Instagram

 

A post shared by Anjali (@anjalichakra)

ইফালে চুফীয়ে লিখিছে, “আমাৰ বিয়াৰ কেইসপ্তাহমান আগতে মই গম নোপোৱাকৈয়ে এটা ডাঙৰ ভুল কৰিলোঁ। মই তাইক বিশ্বাসঘাতকতা কৰিলোঁ। মই তাইক বহুত আঘাত দিলোঁ। তেওঁ কিমান আঘাত পাইছে সেয়া বুজিবলৈও মোৰ ক্ষমতা নাই। মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ। আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীকে ধৰি ভালপোৱা সকলো মানুহকে মই আঘাত দিলোঁ।”

 

View this post on Instagram

 

A post shared by Sufi Malik (@sufi.sun)

উল্লেখ্য যে অঞ্জলি চক্ৰই নিউয়ৰ্ক আৰু ছান ফ্ৰান্সিস্কোত ৱেডিং প্লেনাৰ ব্যৱসায় চলাই আছে। আৰু চুফী নিউয়ৰ্কত থাকে। তেওঁ এগৰাকী জীৱনশৈলী আৰু ভ্ৰমণ বিষয়ৰ ভিডিঅ’ নিৰ্মাতা। 

পাঁচ বছৰ আগতে তেওঁলোকৰ যৌথ যাত্ৰা আৰম্ভ হৈছিল। তেওঁলোকৰ প্ৰেমে দেশ, ধৰ্ম, সংস্কৃতি আদিৰ সীমা অতিক্ৰম কৰি বহু মানুহৰ হৃদয় চুই গৈছিল। এবছৰৰ আগতে তেওঁলোকৰ আঙুঠি পিন্ধোৱা পৰ্বও সম্পন্ন হৈছিল। নিউয়ৰ্কৰ আইকনিক এম্পায়াৰ ষ্টেট বিল্ডিঙত অঞ্জলিক প্ৰেম প্ৰস্তাৱ দিছিল চুফীয়ে। তেওঁ এই ভিডিঅ’ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। 

উল্লেখ্য যে তেওঁলোকৰ বিচ্ছেদৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। দুয়োজনে ‘চুফী আৰু অঞ্জলি’ নামৰ এটা ইউটিউব চেনেল আৰম্ভ কৰিছিল। এই চেনেলটোৰ চাবস্ক্ৰাইবাৰ ১.৩৬ লাখতকৈ অধিক। অনুৰাগীসকলে জানিব বিচাৰে যে সেই চেনেলটোৰ এতিয়া কি হ’ব । অৱশ্যে অঞ্জলি আৰু চুফী দুয়োৱে কয় যে তেওঁলোকে এতিয়া ইণ্টাৰনেট জগতৰ পৰা আঁতৰি থাকিব বিচাৰে। ব্যক্তিগতভাৱে কিছু সময় কটাব বিচাৰে।